নেশ্য়নেল ডেস্ক, ১৪ ছেপ্টেম্বৰ:উত্তৰ-পূব দিল্লী অঞ্চলৰ চিলামপুৰত এজন যুৱকে এগৰাকী ৭ বছৰীয়া শিশুক যৌন নিৰ্যাতন চলোৱাৰ(minor girl sexually assaulted Delhi)অভিযোগ উত্থাপিত হৈছে । ভুক্তভোগীৰ মাতৃয়ে অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পিছত বিষয়টো পোহৰলৈ আহিছিল । ইতিমধ্য়ে অঞ্চলটোৰ স্থানীয় আৰক্ষীয়ে যৌন উৎপীড়ন আৰু POCSO আইনৰ অধীনত বিষয়টো সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, দ্বিতীয় শ্ৰেণীত অধ্য়য়নৰত(sexually assaulted minoe girl in Seelampur) ভুক্তভোগী শিশুটিৰ পৰিয়াল চিলামপুৰ অঞ্চলৰ বাসিন্দা । যোৱা ২ ছেপ্টেম্বৰত স্কুলৰ পৰা উভতি অহাৰ পিছত শিশুটিয়ে ঘৰৰ বাহিৰতে খেলি আছিল । সেই সময়তে এজন যুৱকে শিশুটিক যৌন নিৰ্যাতন চলায় । পিছত অভিযুক্ত যুৱকজনে এই বিষয়ে কাকো নক'বলৈ ভাবুকি দি পলায়ন কৰিছিল । শিশুটিয়ে পিছত মাতৃৰ আগত ঘটনাটো বৰ্ণনা কৰে ।