নিউজ ডেস্ক, ১৭ আগষ্ট : কেৰালাৰ কোজিকোড় সত্ৰ ন্যায়াধীশৰ আদালতে (shocking statement by Kozhikode Sessions Court) এক আশ্চৰ্যকৰ ৰায় প্ৰদান কৰিছে । এগৰাকী যৌন নিৰ্যাতনত অভিযুক্ত ব্যক্তিৰ অগ্ৰিম জামিন প্ৰদানৰ শুনানিত এই ৰায় দিয়ে আদালতখনে । উক্ত ৰায়ৰ বিবৃতিত কোৱা হৈছে যে এগৰাকী মহিলাই 'যৌন উত্তেজক পোছাক' (sexually provocative dress) পিন্ধি থকা অৱস্থাত যৌন কাৰ্য সংঘটিত হ'লেও তেনে ব্যক্তিক প্ৰথম অৱস্থাত জামিন মঞ্ৰজুৰ কৰিব পৰা যায় । উল্লেখ্য, ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ এ ধাৰাৰ অধীনত (Section 354 A of Indian Penal Code) এটা যৌন নিৰ্যাতনৰ অপৰাধৰ গোচৰত (sexual harassment case) এগৰাকী সমাজকৰ্মী চিভিক চন্দ্ৰনক এই যুক্তিৰ ভিত্তিতে জামিন প্ৰদান কৰে আদালতখনে ।
আদালতৰ লগতে পৰ্যবেক্ষণ, কিবা কাৰণত শাৰীৰিক সম্পৰ্ক থাকিলেও শাৰীৰিকভাৱে যথেষ্ট সীমাবদ্ধতা থকা এজন 74 বছৰীয়া বৃদ্ধই অভিযোগকাৰীক বলপূৰ্বকভাৱে নিজৰ কোলাত বহুৱাই ৰাখিব পাৰে বুলি ভবাটো অকল্পনীয় ।
আনহাতে, আদালতে অতিৰিক্তভাৱে কয় যে অভিযুক্তই যিবোৰ ছবি আদালতত দাখিল কৰিছে সেই ছবিবোৰেও এইটো প্ৰদৰ্শন কৰে যে অভিযোগকাৰীয়ে নিজেই নিজৰ 'পোছাক উন্মোচন' কৰি আছে । য'ত কিছুমান যৌন ইঙ্গিতপূৰ্ণ পোছাকো আছে । সেয়ে উক্ত ৰায়ত কোৱা হয় যে কেৱল সেয়াই ধাৰা 354 এ (যৌন নিৰ্যাতন) প্ৰাথমিকভাৱে অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য নিদিয়ে ।
উল্লেখ্য, এই বিতৰ্কিত সিদ্ধান্তটো কোজিকোড় জিলা সত্ৰ আদালতৰ ন্যায়াধীশ এছ কৃষ্ণকুমাৰে গ্ৰহণ কৰে (contentious decision by Kozhikode District Sessions Court) । ন্যায়াধীশজনে কয় যে অভিযোগ দাখিল কৰিবলৈ এগৰাকী মহিলাৰ হাতত সন্মান আৰু মৰ্যাদা ক্ষতিগ্ৰস্ত হোৱাটো প্ৰতিপন্ন কৰিবলৈ পৰ্যাপ্ত প্ৰমাণ থকাটো প্ৰয়োজন ।