নেশ্যনেল ডেস্ক, 23 আগষ্ট :নাৰী দেহ ব্যৱসায়(Sex Racket)ৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আৰক্ষীয়ে চলোৱা অভিযানত 4 গৰাকী মহিলাৰ সৈতে 5জন পুৰুষ ৰঙাঘৰলৈ যাবলগীয়া হৈছে ৷ কিষাণগঞ্জ জিলাৰ প্ৰেমনগৰ Red Light Areaত আৰক্ষীয়ে এক অভিযান চলাই 4 গৰাকী মহিলাৰ সৈতে 5 জন পুৰুষক আটক কৰিছে ৷ অভিযানত আৰক্ষীয়ে বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷
সম্প্ৰতি আটকাধীন লোক কেইজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে আৰক্ষীয়ে প্ৰেমনগৰ Red Light Areaত এক অভিযান চলাই এই 9 জন লোকক আটক কৰা ৷ আৰক্ষীৰ দলটো প্ৰৱেশ কৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোত হুৱা-দুৱা লাগে ৷ আৰক্ষীৰ ভয়তে দেহ ব্যৱসায়ৰ সৈতে জড়িত লোকসকল পলাবলৈ চেষ্টা কৰে যদিও তিনিগৰাকীকৈ যুৱতীক আৰক্ষীয়ে দেহ ব্যৱসায়ীৰ কবলৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয় ৷