নেশ্যনেল ডেস্ক, 5 ডিচেম্বৰ:পুনৰ গুদামত আৱদ্ধ হৈ মৃত্যু হ’ল শ্ৰমিকৰ ৷কৰ্ণাটক জিলাৰ বিজয়াপুৰত সংঘটিত হৈছে এই ঘটনা ৷ সোমবাৰে বিজয়াপুৰৰ এটা বৃহৎ খাদ্য শস্যৰ গুদামত 10 জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ পৰা এক ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিচতে শোকাৱহ দুৰ্ঘটনাটোত 7 জনতকৈ অধিক শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷
জানিব পৰা মতে, ৰাজাগুৰু ইণ্ডাষ্ট্ৰীজ গুদামত সংঘটিত হৈছে এই ঘটনা । খাদ্য প্ৰস্তুত কৰি থকা বিভাগত কাম কৰি থকা অৱস্থাতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ কুঁহিয়াৰৰ বেগ ভাঙি পৰি এই মৰ্মান্তিক ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
গুদামটোৰ ভিতৰত 10 জনতকৈ অধিক শ্ৰমিক আৱদ্ধ হৈ আছিল বুলি জানিব পৰা গৈছে । উদ্ধাৰ অভিযান প্ৰায় সম্পূৰ্ণ হৈছে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে আৱদ্ধ হৈ থকাকেইজন বিহাৰৰ শ্ৰমিক । উদ্ধাৰ কাৰ্যত ব্যৱহৃত কৰা হৈছিল চাৰিখনকৈ জেচিবি আৰু জেচিবি কেইখনে ধাৰাবাহিকভাৱে অভিযান চলাইছিল ।
বিজয়পুৰাৰ উপ আয়ুক্ত টি ভূবালানে সংবাদ মাধ্যমক এই সন্দৰ্ভত পূৰ্বে কৈছিল, "গুদামত আৱদ্ধ হৈ আছে একাংশ শ্ৰমিক । এতিয়াও প্ৰায় 10-12 জন শ্ৰমিক আৱদ্ধ হৈ থাকিব পাৰে, আনহাতে ইতিমধ্যে তিনিজনক উদ্ধাৰ কৰা হৈছে । ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে শ্ৰমিককেইজন ।"