নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ :দেশজুৰি প্ৰতিবছৰে ধুমধামেৰে দীপাৱলী উদযাপন কৰা হয় । পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত ইতিমধ্যে দেশজুৰি পুনৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। কিন্তু পাঞ্জাৱৰ কেইবাখনো গাঁৱৰ লোকে যোৱা প্ৰায় ৫০ বছৰ ধৰি দীপাৱলী উদযাপন কৰা নাই ।
ভাটিণ্ডাৰ সমীপৰ ফুছ মাণ্ডি, ভাগু আৰু গুলাবগড় গাঁৱত যোৱা ৫ দশক ধৰি দীপাৱলী উদযাপন কৰা হোৱা নাই । প্ৰশাসনৰ নিৰ্দেশনাৰ বাবে লোকসকলে এই উৎসৱ উদযাপনৰ পৰা বিৰত আছে । উল্লেখ্য যে অঞ্চলটোৰ সমীপতে আছে সেনা চাউনি আৰু তেলৰ ভাণ্ডাৰ । যাৰ বাবে এই গাঁৱবোৰত আতচবাজী আৰু খেৰ আদি জ্বলোৱা কঠোৰভাৱে নিষিদ্ধ । যদি কোনোবাই এনে কৰে, জিলা প্ৰশাসনে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে । আনকি দীপাৱলীৰ পূৰ্বেও জিলা প্ৰশাসনে এই অঞ্চলত আতচবাজী আৰু খেৰ আদি জ্বলোৱাৰ ক্ষেত্ৰত ৰাইজক বাধা দিয়াৰ লগতে সজাগ কৰি দিয়ে ।
অঞ্চলটোৰ লোকসকলৰ মতে তেওঁলোকে যোৱা ৫ দশক ধৰি দীপাৱলী উদযাপন কৰা নাই । যেতিয়া শিশুসকলে আতচবাজীৰ বাবে জোৰ কৰে তেতিয়া তেওঁলোকক দূৰৈৰ আত্মীয়ৰ ঘৰলৈ প্ৰেৰণ কৰা হয় । গাঁৱৰ লোকসকলৰ মতে ১৯৭৬ চনত ভাটিণ্ডাত সেনা চাউনি নিৰ্মাণ কৰা হৈছিল । সেই সময়ত ভাগু, গুলাবগড় আৰু ভুচো গাঁওবোৰো সেনা চাউনি নিৰ্মাণৰ সময়ত অধিগ্ৰহণ কৰা হৈছিল ।