নেশ্যনেল ডেস্ক, 17 জানুৱাৰী: ঘন কুঁৱলীৰ বাবে পঞ্জাৱত শোকাৱহ দুৰ্ঘটনা ৷ পঞ্জাৱত প্ৰতিদিনে সংঘটিত হৈছে পথ দুৰ্ঘটনাৰ ঘটনা । শেহতীয়াকৈ ৰাজ্যখনৰ মুকেৰিয়াৰ পৰা এই ঘটনা পোহৰলৈ আহিছে । পঞ্জাৱ আৰক্ষীৰ এখন বাছ ইয়াত দুৰ্ঘটনাগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে ।
পঞ্জাৱ আৰক্ষীৰ এখন বাছে এখন ৰখাই থোৱা ট্ৰ’লী গাড়ীত খুন্দা মাৰি দিয়াৰ ফলত এগৰাকী মহিলাকে ধৰি 3 জন আৰক্ষী জোৱান নিহত হোৱাৰ বিপৰীতে আন কেইবাজনো আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হৈছে ৷ আহত জোৱানকেইজন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । জানিব পৰা মতে, বাছখন জলন্ধৰৰ পৰা গুৰদাসপুৰলৈ গৈ আছিল । থিতাতে প্ৰায় 10 জন আৰক্ষী জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে ।
পাঠানকোটৰ ASI কুলৱিন্দৰ সিঙে গুৰুদ্বাৰ চাহাবলৈ গৈ থকা অৱস্থাতে আত্মীয় এজনৰ পৰা ফোনযোগে খবৰটো লাভ কৰাত দুৰ্ঘটনাস্থলীত উপস্থিত হয় ৷ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ বাছখন বেয়াকৈ ট্ৰ’লীৰ চকাত আৱদ্ধ হৈ পৰি থকা দেখিবলৈ পায় আৰু উপস্থিত আন লোকৰ সহযোগত আহতসকলক ক্ষিপ্ৰতাৰে বাহিৰলৈ উলিয়াই অনা হৈছে বুলি সিঙে জনায় ।
সিঙে কয় যে এগৰাকী মহিলা আৰক্ষীকে ধৰি 3 জন আৰক্ষীৰ বৰ্তমানলৈ মৃত্যু হৈছে । তেওঁ কয় যে এই বাছখন জলন্ধৰৰ পৰা গুৰদাছপুৰলৈ গৈ আছিল । তেওঁ কয় যে থিতাতে মৃত্যু হোৱা মৃতকৰ ভিতৰত এ এছ আইও আছে । বাকী আহত আৰক্ষীসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় ।
পঞ্জাৱ আৰক্ষীয়ে বুধবাৰে চণ্ডীগড়ত 461 জন নতুন কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে । উক্ত দিনাই সংঘটিত হৈছে এনে শোকাৱহ দুৰ্ঘটনাটো । নিযুক্তি পত্ৰ প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী মানে 2 মিনিটৰ মৌনতা অৱলম্বন কৰি মৃত আৰক্ষীসকললৈ শ্ৰদ্ধাঞ্জলি জনায় । তেওঁ কয় যে অতি সোনকালে পথ দুৰ্ঘটনাত হোৱা ক্ষতি হ্ৰাস কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে । শীঘ্ৰে মোতায়েন কৰা হ’ব এছ এছ এফৰ দল ।