অসম

assam

ETV Bharat / bharat

Accident at Rajouri: অন্ত্যেষ্টিক্রিয়াৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত বাহন; নিহত-4

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ থানা মাণ্ডি উপ-সংমণ্ডলত পুৱতি নিশা দুৰ্ঘটনাত পতিত বাহন ৷ ঘটনাস্থলীত তিনিজন লোক নিহত হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় চালকৰ ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় আন ৯ জন লোক ৷ তিনিজনৰ অৱস্থা সংকটজনক ৷

By

Published : Jul 5, 2023, 11:10 AM IST

Updated : Jul 5, 2023, 12:52 PM IST

Accident at Rajouri
অন্ত্যেষ্টিক্রিয়াৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত পতিত বাহন

নিউজ ডেস্ক, 5 জুলাই:জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ থানা মাণ্ডি উপ-সংমণ্ডলত বুধবাৰে পুৱতি নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে আন ৯ জন লোক গুৰুতৰভাৱে আহত হয় ৷ মৃত লোককেইজন ভাংগাই আঞ্চলৰ বাসিন্দা ক্ৰমে মুহাম্মাদ আজমৰ পত্নী জৰিনা বেগম (৩৮ বছৰ), মুনিৰ হুছেইনৰ পত্নী ছামিম বেগম (৫৫ বছৰ), পাৰভেজ আহমেদৰ পত্নী ৰুবিনা বেগম (৩৫ বছৰ), মহম্মদ ছাদিকৰ পুত্ৰ মুহাম্মাদ ইউনুছ (২২ বছৰ) বুলি চিনাক্ত কৰা হৈছে ৷

জানিব পৰা মতে, পুৱতি নিশা ২ বজাত দেহৰা গালিৰ পৰা ভাংগাইলৈ যোৱা অৱস্থাত ৰাইনা মহল্লাৰ ওচৰত এখন ই’ক বাহন (jk11c 1278) দুৰ্ঘটনাত পতিত হয় । এই ঘটনাত তিনিজন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে চালকজনক চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় ৷ ই’ক বাহনখনৰ লোকসকল অন্ত্যেষ্টিক্রিয়াৰ পৰা উভতি অহা সময়তে সংঘটিত হৈছিল এই ঘটনা ৷

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় লোকৰ সহযোগত আৰক্ষী উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ আহতসকলক লগে লগে স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । স্থানীয় চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাচত গুৰুতৰভাৱে আহত লোকসকলক উন্নত চিকিৎসাৰ বাবে মেডিকেল কলেজ ৰাজৌৰীলৈ প্ৰেৰণ কৰা হয় ৷ আহতসকলৰ তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে ।

আনহাতে নিহত লোককেইজনক সম্প্ৰতি ৰাজৌৰীৰ চিকিৎসা মহাবিদ্যালয়ত ৰখা হৈছে ৷ তেওঁলোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পিচত নিকটাত্মীয়ক হস্তান্তৰ কৰা হ'ব । আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক:Manipur Violence : থৌবাল জিলাত অস্ত্ৰ লুণ্ঠনৰ চেষ্টা বিফল; নিহত ১

Last Updated : Jul 5, 2023, 12:52 PM IST

ABOUT THE AUTHOR

...view details