নেশ্যনেল ডেস্ক, ১০ ছেপ্টেম্বৰ: উত্তৰাখণ্ডৰ হৰিদ্বাৰত শোকাবহ ঘটনা । বিষাক্ত সুৰা সেৱন কৰি প্ৰাণ হেৰুৱালে ৫ জনকৈ লোকে(5 killed due to consumption of spurious liquor) । হৰিদ্বাৰৰ পাঠাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফুলগড়-শিৱগড় গাঁৱত সংঘটিত এই ঘটনা । শোকাৱহ ঘটনাটোৰ খবৰ পোৱাৰ মাত্ৰকে আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ।
আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা এজন প্ৰাৰ্থীয়ে জনসাধাৰণৰ মাজত বিতৰণ কৰিছিল সুৰা(Illicit liquor distributed by a candidate) । ফুলগড় গাঁৱৰ বাসিন্দা ৰাজু অমৰপাল আৰু ভোলা নামৰ দুগৰাকী ব্যক্তিৰ অবৈধ সুৰা সেৱনৰ পিছতেই মৃত্যু ঘটে । ইফালে বিষাক্ত সুৰা সেৱনj ফলত শিৱগড় গাঁৱত মনোজ নামৰ আন এজন ব্যক্তিৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে(Haridwar poisonous liquor) ।