নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ:দেওবাৰৰ মাজনিশা সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা ৷ ৰাজস্থানত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত থিতাতে মৃত্যু ঘটে 4 জন লোকৰ ৷দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখনত প্ৰায় 30 জন যাত্ৰী যাত্ৰা কৰি আছিল বুলি জানিব পৰা গৈছে । ৰাজস্থানৰ জিলা সদৰ চহৰ দৌছাৰ কালেক্টৰেট চাৰ্কলৰ সমীপত ৰেলপথত নিয়ন্ত্ৰণ হেৰুৱাই বাছখন বাগৰি পৰে বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে । দেওবাৰৰ মাজনিশা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
প্ৰায় 28 জন আহত লোকক চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে চাৰিজনৰ ইতিমধ্যে মৃত্যু ঘটিছে বুলি জানিব পৰা গৈছে । দৌছা কলেক্টৰেট চাৰ্কলৰ সমীপত ৰেলপথত এখন বাছে নিয়ন্ত্ৰণ হেৰুৱাই গতি পথ সলোৱাৰ ফলত 4 জন লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় 24 জন আহত হয় । আহত আটাইকেইজনক চিকিৎসালয়লৈ লৈ যোৱা হৈছে । দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে স্থানীয় কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয় । বাহনখন 30 ফুট তললৈ বাগৰি পৰে বুলি জানিব পৰা গৈছে ৷ আহতসকলক ততাতৈয়াকৈ আৰক্ষীৰ সহায়ত দৌছা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷