ইন্টাৰনেশ্য়নেল ডেস্ক,২জানুৱাৰী:উত্তৰ মেক্সিকোৰ ছিউদাদ জুয়াৰেজ চহৰৰ এখন কাৰাগাৰত দেওবাৰে বন্দুকধাৰীয়ে আক্ৰমণ চলাই ১৪ জন লোকক হত্যা কৰে (Armed attack on Mexican prison)। মৃত সকলৰ ভিতৰত ১০ জন কাৰাগাৰৰক্ষী আৰু নিৰাপত্তাৰক্ষী আছে । ইপিনে, বন্দুকধাৰীৰ দলে আই ভয়াবহ আক্ৰমণৰ মাজতে ২৪ জন কয়েদীক পলাই যোৱাৰ সুবিধা কৰি দিয়ে (allowed 24 inmates to escape)। এই ঘটনাৰ বিষয়ে সদৰি কৰিছে চিহুয়াহুয়া ষ্টেট প্ৰচিকিউটৰৰ কাৰ্যালয়ে (Mexican city of Ciudad Juarez) ।
চিহুয়াহুয়া ষ্টেট প্ৰচিকিউটৰৰ কাৰ্যালয়ৰ এক বিবৃতিত উল্লেখ কৰা মতে, অজ্ঞাত বন্দুকধাৰীৰ দলে অস্ত্ৰসহ এখন বাহনত আহি নিৰ্বিচাৰে গুলীচালনা কৰে (Mexican prison Armed attack)। পুৱা আৰম্ভ হোৱা এই আক্ৰমণ প্ৰায় পাঁচ ঘণ্টা ধৰি চলে । অৱশ্য়ে পিছত নিৰাপত্তাৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় বুলি উক্ত বিবৃতিটোত উল্লেখ কৰা হৈছে । উল্লেখ্য় যে এই আক্ৰমণৰ কিছু সময় পূৰ্বে দুৰ্বৃত্তৰ দলটোৱে কাষচে থকা বুলেভাৰ্ডৰ পৌৰ আৰক্ষীৰ ওপৰত গুলীচালনা কৰিছিল ।
এই আক্ৰমণৰ সময়ত একাংশ কয়েদীৰ আত্মীয়ই কাৰাগাৰৰ চৌহদৰ বাহিৰত নৱবৰ্ষৰ সভাৰ বাবে অপেক্ষা কৰি আছিল । ইয়াৰে সুযোগ লৈ আক্ৰমণকাৰীৰ দলটোৱে কাৰাগাৰৰ বাহিৰত নিৰাপত্তাৰক্ষীৰ আন এটা দলৰ ওপৰত গুলীচালনা কৰে । ফলত এলেকাটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ভিতৰত আক্ৰমণকাৰীয়ে অগ্নিসংযোগ কৰাৰ লগতে কাৰাগাৰৰ নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় ।