নেশ্যনেল ডেস্ক,৬ নৱেম্বৰ :জম্মু আৰু কাশ্মীৰৰ ৰাজৌৰী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । এখন যাত্ৰী মিনিবাছ দ' খাৱৈত বাগৰি পৰাৰ ফলত ৩ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে দুৰ্ঘটনাটোত ১৫ গৰাকী লোক আহত হোৱা বুলি আৰক্ষীয়ে জনাইছে । দুৰ্ঘটনাটোৰ পাছতে অঞ্চলটোত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হয় । স্থানীয় লোকসকলে বাহনখনত আৱদ্ধ লোকসকলক উদ্ধাৰৰ চেষ্টা চলায় । আটাইকেইজন আহতক চিকিৎসাৰ বাবে চৰকাৰী চিকিৎসা মহাবিদ্যালয় ৰাজৌৰীলৈ প্ৰেৰণ কৰা হৈছে ।
জানিব পৰা মতে সোমবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ ৰেহান অঞ্চলত সংঘটিত হয় এই দুৰ্ঘটনা । এগৰাকী আৰক্ষী বিষয়াই কোৱা মতে কোট্ৰাঙ্কাৰ পৰা ৰাজৌৰীলৈ গৈ আছিল যাত্ৰীবাহী বাহনখন । সেই সময়তে ৰেহানৰ সমীপৰ কাইঞ্চি মৰ্হত গভীৰ খাৱৈত বাগৰি পৰে বাহনখন । ইফালে দুৰ্ঘটনাত আহতসকলৰ ভিতৰত কেইবাগৰাকী মহিলা আৰু শিশুও আছে । স্থানীয় সূত্ৰৰ মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে JK-02-AB-5535 ।