নেশ্যনেল ডেস্ক, 25 ছেপ্টেম্বৰ:মধ্যপ্ৰদেশত শোকাৱহ পথ দুৰ্ঘটনা ৷ জন্মদিনৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে 5 জনকৈ লোকে ৷তীব্ৰ বেগত গাড়ী চলায় নিজৰ জীৱনলৈ বিপদ মাতিলে 5 গৰাকীকৈ লোকে ৷ ৰাজ্যখনৰ উমৰিয়া জিলাৰ ঘুংঘুটি আউটপোষ্টৰ অধীনত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো । শ্বাহদোলৰ সীমান্তৱৰ্তী উমৰীয়া জিলাৰ পালি পথত গছৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয় এখন গাড়ী ।
দুৰ্ঘটনাটোত মৃত লোকসকলৰ ভিতৰত আছে শ্বাহদলৰ খনিজ বিভাগত পৰিদৰ্শক পদবীত থকা পুষ্পেন্দ্ৰ ত্ৰিপাঠী আৰু নিষ্ঠাবান লোকসেৱা প্ৰবন্ধক অবিনাশ ডুবে শ্বাহিদ ।
বাহনখনে মাঝগাৱন গাঁৱৰ 43 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তীব্ৰ বেগেৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাৰ ফলত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় বুলি জানিব পৰা গৈছে ৷ এছ ডি অ’ পি পালিয়ে জানিব দিয়া মতে, ঘটনাস্থলীতে তিনিগৰাকীয়ে প্ৰাণ হেৰুৱাইছে ৷ আনহাতে, বাকী দুজনক শ্বাহদোল জিলা চিকিৎসালয়লৈ লৈ যোৱাৰ সময়ত আঘাতপ্ৰাপ্ত হৈ মৃত্যু ঘটে ।