নেশ্যনেল ডেস্ক,১১ নৱেম্বৰ :তামিলনাডুৰ চেন্নাই-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ পথ দুৰ্ঘটনা । দুখন বাছৰ সংঘৰ্ষৰ ফলত প্ৰায় ৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । দুৰ্ঘটনাটোত ৪০ৰো অধিক লোক আহত হয় । জানিব পৰা মতে বেংগালুৰুৰ পৰা চেন্নাইলৈ যোৱা এখন চৰকাৰী বাছে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই ভানিয়াম্বাদিৰ চেট্টিয়াপ্পানুৰ চাৰিআলিৰ চেন্নাই-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথৰ বিপৰীত পথত চেন্নাইৰ পৰা বেংগালুৰুলৈ গৈ থকা এখন ব্যক্তিগত বিলাসী বাছত খুন্দা মাৰে ।
মৃত লোকসকলৰ ভিতৰত চৰকাৰী বাছখনৰ চালকো আছে । নিহতসকলৰ ভিতৰত কোলাৰৰ বাসিন্দা তথা ব্যক্তিগত বাছ চালক মহম্মদ নাদিম, ভানিয়াম্পাদিৰ বাসিন্দা ব্যক্তিগত বাছৰ ক্লিনাৰ মহম্মদ বাইৰোছ, চিতুৰৰ অজিত কুমাৰ আৰু চেন্নাইৰ ক্ৰিকি নামৰ এগৰাকী মহিলাও আছে ।
ভয়ংকৰ দুৰ্ঘটনাটোত আহতসকলক তাৎক্ষণিকভাৱে স্থানীয় লোকসকলে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ভানিয়াম্বাদি চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে । গুৰুতৰভাৱে আহত লোকসকলৰ ভিতৰত ৫ জনক উন্নত চিকিৎসাৰ বাবে ভেলোৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।