নেশ্যনেল ডেস্ক, 23 আগষ্ট: অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰামত বুধবাৰে পুৱাই সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা ৷ ৰাজ্যখনৰ বৈৰাবী আৰু চাইৰাং সংযোগী কুৰুং নদীৰ ওপৰৰ এখন নিৰ্মীয়মান ৰে’লৱে দলং এখন হঠাৎ ভাগি পৰে ৷ চৈৰাং অঞ্চলত দিনৰ প্ৰায় 10 বজাত ভাগি পৰে দলংখন ৷
সেইসময়ত দলংখন মেৰামতিৰ কামত নিয়োজিত হৈ আছিল একাংশ শ্ৰমিক ৷ প্ৰাপ্ত তথ্য অনুসৰি এই শোকাৱহ ঘটনাত 17 জন শ্ৰমিকৰ মৃত্যু হয় আৰু অতি কমেও 40 জন শ্ৰমিক বৰ্তমানেও আৱদ্ধ হৈ আছে ধ্বংসাৱশেষৰ মাজত ৷
ঘটনাটো সংঘটিত হোৱাৰ পিচতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Xযোগে ঘটনা সন্দৰ্ভত গভীৰ শোক প্ৰকাশ কৰে ৷ মিজোৰামত এখন দলং দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুৱাই গভীৰ শোক প্ৰকাশ কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দুৰ্গত পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰে । মৃতকৰ আত্মীয়লৈ 2 লাখ টকা আৰু আঘাতপ্ৰাপ্তসকলক চিকিৎসাৰ বাবে 50 হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে ।