নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী :উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in UP)। শনিবাৰে নিশা এখন দ্ৰুতবেগী ট্ৰাকে মহতিয়াই লৈ যায় কেইবাজনো লোকক । দুৰ্ঘটনাটোৰ ফলত ৫ জনকৈ লোকৰ থিতাতে মৃত্যু হয় (5 killed after truck rammed in UP)। লগতে ১৫ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হয় । খেৰী-ভাৰাইচ ঘাইপথৰ পাংগী গাঁৱত এখন চাৰিচকীয়া বাহন আৰু স্কুটিৰ সংঘৰ্ষৰ পাচতে পথৰ কাষত সমবেত হৈছিল বহু লোক । সেই সময়তে তীব্ৰবেগী ট্ৰাকখনে মহতিয়াই লৈ যায় লোকসকলক ।
দুৰ্ঘটনাটোত নিহতসকল লখিমপুৰ খেৰীৰ পাংগী খুৰ্দ গাঁৱৰ বাসিন্দা ৰিজৱান, কৰণ, পৰাশ নিশাদ, কৰুনেশ বাৰ্মা আৰু বীৰেন্দ্ৰ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে । দুৰ্ঘটনাটোৰ পাচতে আৰক্ষী অধীক্ষক গণেশ প্ৰসাদ সাহাৰ লগতে আন আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় । আনহাতে দুৰ্ঘটনাত পতিত লোকসকলক লগে লগে উদ্ধাৰৰ বাবে অভিযান চলোৱা হয় । ইতিমধ্যে আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে (Kheri Bharaich highway accident)।
আৰক্ষী অধীক্ষক গণেশ প্ৰসাদ সাহাই সাংবাদিকক জনোৱা মতে, এই ভয়ংকৰ দুৰ্ঘটনাটোৰ পূৰ্বে ৰাজাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাংগী গাঁৱৰ ভাৰাইচ পথত এখন চাৰিচকীয়া বাহন আৰু স্কুটিৰ মাজত সংঘৰ্ষ হৈছিল । ফলত কিছুমান লোক ৰাস্তাত একত্ৰিত হৈছিল । সেই সময়তে এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই লোকসকলক মহতিয়াই লৈ যায় (Truck crushed crowd in Lakhimpur Kheri)। এই ঘটনাৰ পাচতে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।