নেশ্যনেল ডেস্ক, 15 ডিচেম্বৰ:পশ্চিমবংগৰ আছানছোলত সংঘটিত হৈছে এক অঘটন ৷ বিজেপিৰ কম্বল বিতৰণ অনুষ্ঠানত তিনিগৰাকী লোক মৃত্যুমুখত পৰে ৷ ঘটনা অনুসৰি বুধবাৰে বিয়লি বিজেপিৰ নেতা সুভেন্দু অধিকাৰীৰ (BJP leader Subhendu Adhikari) উপস্থিতিতেই এই ঘটনা সংঘটিত হয় (3 died in Subhendu Adhikari programme)৷
আছানচোল পৌৰ নিগমৰ 27 নং ৱাৰ্ডৰ ৰামকৃষ্ণ দংগল অঞ্চলত বিজেপিৰ কৰ্মকৰ্তাসকলে শীতৰ বাবে স্থানীয় লোকসকলৰ সকাহ হ’ব বুলি ভাবি এক কম্বল বিতৰণ অনুষ্ঠানৰ আয়োজন কৰে (Blanket Distribution Ceremony in Asansol)৷ বিজেপিৰ এই কম্বল বিতৰণ অনুষ্ঠানত প্ৰায় হাজাৰ হাজাৰ লোকে কম্বল নিবলৈ আহি ভিৰ কৰিছিল যদিও সেই ঠাইত মাত্ৰ 1500 লোক থাকিব পৰাকৈহে ঠাই উপলব্ধ আছিল ৷
জানিব পৰামতে এই কম্বল বিতৰণী অনুষ্ঠানত প্ৰায় 5,000ৰ ওচৰি ওচৰি লোক উপস্থিত হৈছিলহি ৷ লোকৰ হেঁচা ঠেলাত বিতৰণস্থলীতেই গচকত দুগৰাকী মহিলাসহ এগৰাকী কিশোৰী নিহত হোৱাৰ লগতে 7 গৰাকী লোক আহত হয় ৷ নিহত সকলক চান্দমণি দেৱী যাদৱ (54), ঝালী দেৱী বাউৰী (50)আৰু প্ৰীতি সিং (12) বুলি চিনাক্ত কৰা হৈছে ৷
এই অনুষ্ঠানটোত জীতেন্দ্ৰ তিৱাৰীকে (BJP leader Jitendra Tiwari ) ধৰি আছানছোলৰ বিজেপি নেতাসকল উপস্থিত আছিল ৷ ইফালে আৰক্ষীয়ে অনুমতি অবিহনে অনুষ্ঠানটো অনুষ্ঠিত কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ আছানচোল-দুৰ্গাপুৰৰ আয়ুক্ত সুধীৰ নীলাকান্তমে কোৱা অনুসৰি আৰক্ষীয়ে অনুষ্ঠানটোৰ বাবে অনুমতি দিয়া নাছিল ৷