নিউজ ডেস্ক, 10 ছেপ্টেম্বৰ: মহাৰাষ্ট্ৰৰ থানেত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ বালকুম অঞ্চলৰ ৪০ মহলীয়া অট্টালিকা ৰুণৱাল আইৰিনৰ পৰা লিফ্ট বাগৰি পৰাত ৬ জন শ্ৰমিকৰ মৃত্যু হৈছে ৷ এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন দুজন শ্ৰমিক ৷ আহত শ্ৰমিক দুজনক লগে লগে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে ৷
জানিব পৰা মতে, বলকুমৰ নাৰায়ণী স্কুলৰ কাষতে প্ৰায় নিৰ্মাণ সমাপ্ত হোৱা ৪০ মহলীয়া অট্টালিকা ৰুণৱাল আইৰিনৰ চাদত ৱাটাৰপ্ৰুফিঙৰ কাম চলি আছিল ৷ এই কামত জড়িত শ্ৰমিকসকলে কাম সম্পূৰ্ণ কৰি নামি আহি থকা অৱস্থাত, লিফ্টৰ ৰছী ছিগি যায় আৰু এই দুৰ্ভাগ্যজনক ঘটনাতো সংঘটিত হয় ৷
লগতে পঢ়ক :Deadbody Recovered: ডিব্ৰুগড়ৰ বকুল বাইপাছত ৰহস্যজনক অৱস্থাত যুৱতীৰ মৃতদেহ উদ্ধাৰ; ঘটনাই লৈছে নতুন মোৰ
প্ৰত্যক্ষদৰ্শীয়ে লগে লগে ঘটনা সন্দৰ্ভত বালকুম অগ্নিনিৰ্বাপক বাহিনীক অৱগত কৰে ৷ ঘটনাৰ খবৰ লাভ কৰি বালকুম অগ্নিনিৰ্বাপক বাহিনী ষ্টেচনৰ বিষয়াই এটা দলৰ সৈতে ঘটনাস্থলীত তাৎক্ষণিকভাৱে উপস্থিত হয় ৷
এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে প্ৰাক্তন স্থানীয় কাউন্সিলৰ সঞ্জয় ভইৰে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহায় কৰে ৷ উদ্ধাৰকাৰী দলটোৱে দুৰ্ঘটনাত পতিত হৈ লিফ্টত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক উলিয়াই আনে ৷ এই দুৰ্ঘটনাত ৬ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ গুৰুতৰভাৱে আহত দুগৰাকী শ্ৰমিকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ এই দুৰ্ঘটনা কেনেদৰে সংঘটিত হ’ল সেই বিষয়ে অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক :Plea against AGR: কেবিনেটৰ সিদ্ধান্তত আদালতে সামান্যভাৱে হস্তক্ষেপ কৰিব পাৰে; উচ্চতম ন্যায়ালয়