অসম

assam

ETV Bharat / bharat

Madurai Train Fire : ৰেলত অগ্নিকাণ্ডৰ ঘটনা; 9 জন নিহত, 20 জনতকৈ অধিক আহত - Train Fire in India

মাদুৰাই ৰেল অগ্নিকাণ্ডত 9 জন নিহত ৷ 20 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত ৷

Madurai Train Fire
মাদুৰাইত শোকাৱহ ঘটনা

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 7:53 AM IST

Updated : Aug 26, 2023, 12:13 PM IST

মাদুৰাই ৰেল অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 26 আগষ্ট:তামিলনাডুৰমাদুৰাইত শোকাৱহ ঘটনা ৷ মাদুৰাইৰ সমীপত উত্তৰ প্ৰদেশৰ লক্ষীপুৰৰ পৰা অহা এখন পৰ্যটন ৰেলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰেল বিভাগৰ বিষয়াসকলে জনাইছে যে এই দুৰ্ঘটনাত ৰেলত যাত্ৰা কৰি থকা নজন লোকৰ মৃত্যু হৈছে । এই অগ্নিকাণ্ডত 20 জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ।

উত্তৰ প্ৰদেশৰ পৰা অহা ৰেলখনৰ 2 টা ডবাত হঠাৎ অগ্নিকাণ্ড সংঘটিত হয় । জানিব পৰা মতে, মাদুৰাই ষ্টেচনত ৰে’লখন ৰখাই থোৱাৰ সময়তে এই অগ্নিকাণ্ড সংঘটিত হয়। ৰেল আৰক্ষীয়ে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । ঘটনাস্থলীত উপস্থিত হৈ মাদুৰাই ৰেল বিভাগৰ কালেক্টৰ সংগীতাই ঘটনাৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰিছে ।

ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিচতে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে ৰেলত আৱদ্ধ হৈ থকা পৰ্যটকক উদ্ধাৰৰ চেষ্টাত নিয়োজিত হোৱাৰ লগতে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । সংকটজনক অৱস্থাত থকা যাত্ৰীসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ ঘটনাটোত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আৰক্ষী আৰু ৰেলৱেৰ বিষয়াসকলে আশংকা প্ৰকাশ কৰিছে ।

লক্ষ্ণৌৰ পৰা উত্তৰ প্ৰদেশৰ ৰামেশ্বৰমলৈ ধৰ্মীয় পৰ্যটক কঢ়িয়াই অনা ৰেলত অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে । ৰে’লৱেৰ বিষয়াসকলে জনোৱা মতে, ৰে’লত চাহ যোগান ধৰি থকা অৱস্থাত গেছ চিলিণ্ডাৰ বিস্ফোৰণত 9 জন লোকৰ মৃত্যু হয় । দুজন বৃদ্ধ ভুক্তভোগীৰ ফটো প্ৰকাশ কৰা হৈছে ।

উদ্ধাৰ অভিযান অব্যাহত থকাৰ লগে লগে হতাহতিৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি ৰে’ল বিভাগৰ বিষয়াসকলে জনাইছে । ইফালে মৃতকৰ পৰিয়ালক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে দক্ষিণ ৰেলৱেই । ৰেল কৰ্তৃপক্ষই এই ঘটনা আৰু ইয়াৰ হতাহতৰ তথ্য বিচৰা ব্যক্তিসকলৰ বাবে নিৰ্দিষ্ট হেল্পলাইন নম্বৰ (৯৩৬০৫৫২৬০৮ আৰু ৮০১৫৬৮১৯১৫) মুকলি কৰিছে ।

লগতে পঢ়ক: Himachal Pradesh rains: হিমাচলত বান-ভূমিস্খলনত 3 শতাধিক লোকৰ মৃত্যু; ঠায়ে ঠায়ে ব্যাহত যাতায়ত

Last Updated : Aug 26, 2023, 12:13 PM IST

ABOUT THE AUTHOR

...view details