নেশ্যনেল ডেস্ক, 29 জুলাই :মহাৰাষ্ট্ৰ জিলাৰ বুলধনাত ভয়ংকৰ দুৰ্ঘটনা ৷ দুখন যাত্ৰীবাহী বাছৰ সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো ৷ এই ভয়ংকৰ দুৰ্ঘটনাটোৰ ফলত 6 গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন 25 গৰাকী যাত্ৰী আহত হয় বুলি জানিব পৰা গৈছে । শনিবাৰে পুৱা 3 বজাত মুম্বাইৰ নাগপুৰ ঘাইপথৰ মালকাপুৰৰ সমীপৰ ফ্লাই অভাৰত সংঘটিত হয় এই দুৰ্ঘটনাটো ।
অমৰনাথৰ পৰা তীৰ্থযাত্ৰা সমাপ্ত কৰি হিংগোলীলৈ গৈ থকা সময়তে এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ বাছখনৰ নম্বৰ MH 08. 9458 । বাছখনত 35 ৰ পৰা 40 গৰাকী তীৰ্থযাত্ৰী আছিল বুলি জানিবলৈ পৰা গৈছে । আনহাতে দুৰ্ঘটনাগ্ৰস্ত আনখন বাছ নাগপুৰৰ পৰা নাচিকৰ অভিমুখে যাত্ৰা কৰিছিল ৷ MH 27 BX 4466 নম্বৰৰ যাত্ৰীবাহী বাছখনত 25 ৰ পৰা 30 গৰাকী যাত্ৰী আছিল বুলি জানিবলৈ পৰা গৈছে । মালকাপুৰ চহৰৰ মাজেৰে পাৰ হৈ যোৱা 6 নং ঘাইপথত দুয়োখন যাত্ৰাবাহী বাহনৰ মুখামুখি সংঘৰ্ষৰ হয় আৰু দুৰ্ঘটনাটো সংঘটিত হয় ।