অসম

assam

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 2:10 PM IST

ETV Bharat / bharat

Rajasthan accident : ৰাজস্থানত শোকাৱহ দুৰ্ঘটনা; একেটা পৰিয়ালৰে ৬ সদস্যৰ মৃত্যু

খাতু শ্যামজী দৰ্শন কৰাৰ পাছত ঘৰলৈ উভতি অহাৰ সময়তে চাৰিচকীয়া বাহন আৰু বাছৰ মুখামুখি সংঘৰ্ষ । দুৰ্ঘটনাত বাহনখনত থকা ৬ জন লোকৰ মৃত্যু । নিহতসকল একেটা পৰিয়ালৰে আছিল ।

Rajasthan accident
ৰাজস্থানত শোকাৱহ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক, ১১ ছেপ্টেম্বৰ :ৰাজস্থানৰ ভৰতপুৰৰ ৰূপৱাছত শোকাৱহ পথ দুৰ্ঘটনা । মাজনিশা এখন চাৰিচকীয়া বাহন আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষত দুটা শিশুসহ এটা পৰিয়ালৰ ৬ জনকৈ সদস্য নিহত হয় । আনহাতে দুৰ্ঘটনাটোত আহত আন দুটা শিশু ভৰতপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । দুৰ্ঘটনাটোৰ পাছত বাছখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ভুক্তভোগী পৰিয়ালটোৱে নিশা খাতু শ্যামজী দৰ্শন কৰাৰ পাছত ঢোলপুৰৰ খড়গপুৰ গাঁৱলৈ উভতি আহিছিল । জানিব পৰা মতে আটাইকেইটা মৃতদেহ আৰবিএম জিলা চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে । পৰিয়ালৰ আন সদস্যসকল উপস্থিত হোৱাৰ পাছ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ তথ্য অনুসৰি, নিশা প্ৰায় ১ মান বজাত ৰূপৱাছ আৰক্ষী থানাৰ অন্তৰ্গত খানসুৰজপুৰত এখন চাৰিচকীয়া বাহন আৰু বাছৰ সংঘৰ্ষ হয় । দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাহনখনত থকা ৫ গৰাকী লোকৰ ঘটনাস্থলীতে মৃত্যু হয় । তিনিটা আহত শিশুক ভৰতপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও সোমবাৰে পুৱা এগৰাকী ৬ বছৰীয়া কিশোৰীৰ মৃত্যু হয় । আনহাতে বাকী দুই আঘাতপ্ৰাপ্ত শিশুৰ চিকিৎসা চলি আছে । ভুক্তভোগী কেইজন একেটা পৰিয়ালৰ বুলি আৰক্ষীয়ে জনাইছে ।

দুৰ্ঘটনাটোত নিহতসকল ক্ৰমে হৰেন্দ্ৰ, মমতা, সন্তোষ, সুধা, অনুজ আৰু জাহ্নৱী । তেওঁলোক ঢোলপুৰৰ খড়গপুৰৰ বাসিন্দা আছিল । ৰূপৱাছ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বন্নি সিঙে কোৱা মতে পৰিয়ালটোৰ বাকী সদস্যসকলক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে । পৰিয়ালৰ সদস্যসকল অহাৰ পাছতে মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহবোৰ হস্তান্তৰ কৰা হ'ব । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Chitradurga accident : কৰ্ণাটকৰ চিত্ৰদুৰ্গত বাছ ট্ৰাকৰ সংঘৰ্ষ; শিশুসহ ৪ যাত্ৰীৰ মৃত্যু

ABOUT THE AUTHOR

...view details