নেশ্যনেল ডেস্ক, ২৭ জুলাই :দেশৰ কেইবাখনো ৰাজ্যত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, গুজৰাটৰ লগতে কৰ্ণাটকৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । ফলত ৰাজ্যখনত বানৰ সংহাৰ দেখিবলৈ পোৱা গৈছে । বানে কৰ্ণাটকৰ বেংগালুৰুত ভয়ংকৰ ৰূপ লৈছে । জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ।
আনহাতে ৰাজ্যখনত এনে পৰিস্থিতিৰ ফলত এতিয়ালৈ প্ৰায় ৩৮ গৰাকী লোকৰ মৃত্যু হৈছে । মৃত লোকসকলৰ পৰিয়ালক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ক্ষতিপূৰণ হিচাবে ৫ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰিছে ।
সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যখনত বাৰিষা কিছু পলমকৈ আহিছে আৰু কিছুমান ঠাইত যথেষ্ট বৰষুণ হৈ আছে । বানপানীৰ ফলত ৰাজ্যখনৰ বিভিন্ন স্থানত যথেষ্ট ক্ষতি হৈছে । বানপানীৰ ফলত ৩৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি তেওঁ উল্লেখ কৰে । আনহাতে, মুখ্যমন্ত্ৰীয়ে জনোৱা মতে ৩৫ গৰাকী লোক আহত হৈছে । বানৰ ফলত ৫৭ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে আৰু ২০৮ টা ঘৰৰ যথেষ্ট ক্ষতি হৈছে । ইফালে ৰাজ্যখনৰ ২,৬৮২ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে ।