নেশ্যনেল ডেস্ক, 30 অক্টোবৰ:কেৰালাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা তিনিজনলৈ বৃদ্ধি পাইছে ৷ এই দুৰ্ঘটনাত আহত আন কেইবাজনো লোক বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু ইয়াৰে ছয়জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । কেৰালাত হোৱা বিস্ফোৰণৰ পাচত ৰাজধানীৰ জনবহুল স্থানসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল ৷
উল্লেখ্য যে, দেওবাৰে পুৱা প্ৰায় 9.00 বজাত কেৰালাৰ কালামাচেৰীত এক প্ৰাৰ্থনা সভা অনুষ্ঠিত হৈ থকাৰ সময়তে ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা সংঘটিত হয় ৷ এই ঘটনাৰ পিচতে ডমিনিক মাৰ্টিন নামৰ এজন ব্যক্তিয়ে ত্ৰিচুৰৰ কোডাকাৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰি কেইবাটাও বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে ৷ উক্ত বিস্ফোৰণত কেইবাজনো লোক আহত হৈছিল । সম্প্ৰতি আহত লোকসকলক কোচিৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷
কেৰালাৰ এডিজিপি (আইন-শৃংখলা) এম আৰ অজিত কুমাৰে জামৰা আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী কেন্দ্ৰ, কালামাচেৰীত হোৱা বিস্ফোৰণ সন্দৰ্ভত কয়, "এজন ব্যক্তিয়ে ইতিমধ্যে ত্ৰিচুৰ গ্ৰাম্যৰ কোডাক্ৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰিছে ৷ লোকজনে দাবী কৰা অনুসৰি এই ধাৰাবাহিক বিস্ফোৰণৰ ঘটনা তেওঁ সংঘটিত কৰিছে ৷ লোকজনৰ নাম ডমিনিক মাৰ্টিন ৷ আমি লোকজনৰ কথাৰ সত্যতাসত্যৰ প্ৰমাণ কৰিবলৈ জেৰা অব্যাহত ৰাখিছো ৷ " আৰক্ষীৰ মতে, প্ৰাথমিক অনুসন্ধানৰ তথ্য অনুসৰি বিস্ফোৰণ সংঘটিত কৰিবলৈ আইইডি (ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ) ব্যৱহাৰ কৰা হৈছিল।