নেশ্যনেল ডেস্ক, 5 আগষ্ট :উত্তৰ প্ৰদেশৰ হাথৰাছত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ শুকুৰবাৰৰ নিশা প্ৰায় 12 বজাত সাহাপৌ কোটৱালি অঞ্চলৰ সাদাবাদ পথত ট্ৰেক্টৰ-ট্ৰলী আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ট্ৰেক্টৰখনত থকা 5 জন লোকৰ মৃত্যু হয় । প্ৰায় 16 জন লোক আহত হৈছে বুলি জানিবলৈ পৰা গৈছে । আহতসকলৰ ভিতৰত 6 জনক আগ্ৰা চিকিৎসা মহাবিদ্যালয় আৰু এজনক আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
ট্ৰেক্টৰ-ট্ৰলীখন ইটাহ জিলাৰ জলেছাৰৰ পৰা গোৱৰ্ধনলৈ ৰাওনা হৈছিল । ট্ৰেক্টৰ-ট্ৰলীখনত থকা আৰোহীসকল এটা পৰিয়ালৰে আছিল বুলি জানিবলৈ পৰা গৈছে । ট্ৰেক্টৰ-ট্ৰলীখনে 50-60 গৰাকী লোক কঢ়িয়াই আনিছিল । ট্ৰেক্টৰ-ট্ৰলীখনে সাহাপৌ কোটৱালি অঞ্চলৰ সদাবাদ পথেৰে আহি থকাৰ সময়তে সন্মুখৰ পৰা অহা এখন ডাম্পাৰৰ সৈতে সংঘৰ্ষ হয় ।
দুৰ্ঘটনাটোৰ ফলত বহু লোক আহত হয় । আহত একাংশক সাদাবাদৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হয় । একে সময়তে 3 আহতক জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । 10 জন আহতক সাদাবাদৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ পৰা আগ্ৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । একে সময়তে জিলা চিকিৎসালয়ৰ পৰা আলিগড় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় 16 বছৰীয়া এগৰাকী কিশোৰ পৱন কুমাৰক । আঘাতপ্ৰাপ্ত চুলতান সিং আৰু তেওঁৰ পত্নী ৰামৱতী হাথৰাছৰ জিলা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।