নিউজ ডেস্ক, ২৮ জুন :কইনা আনিবলৈ যোৱা বৰযাত্ৰীৰ আনন্দ-উল্লাসৰ শোভাযাত্ৰা নিমিষতে পৰ্যৱসিত হ'ল মৃত্যু সমদললৈ । বৰযাত্ৰীৰ হৰ্ষোল্লাষ পৰিণত হ'ল মৰণকাতৰ আৰ্তনামদত । এই মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে ওড়িশাত । ওড়িশাৰ কেওনঝাৰ জিলাত সংঘটিত এক হৃদয়বিদারক ঘটনাত থিতাতে মৃত্যু হয় ৫ জন লোকৰ । আনহাতে, হস্পিটেলত মৃত্যু হয় আন এগৰাকীৰ । আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ৬ জন লোক । এখন দ্ৰুতবেগী ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথেৰে গৈ থকা বৰযাত্ৰীৰ এটা দলক মহটিয়াই নিয়াৰ ফলতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।
ঘটনাটো সংঘটিত হয় মঙলবাৰে নিশা প্ৰায় ডেৰ বজাত । কেওনঝাৰ জিলাৰ সাতহাইগাৰ চাহীৰ ওচৰৰ ৰাষ্ট্ৰীয় ২০ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ানক দুৰ্ঘটনাটো সংঘটিত হয় ।
প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১ বজাৰ পৰা ১.৩০ বজাৰ ভিতৰত এটা বৰযাত্ৰী দলে কইনাৰ ঘৰৰ দিশে খোজকাঢ়ি গৈ আছিল । ঠিক তেনে সময়তে এখন দ্ৰুতবেগী ট্ৰাকে আহি বৰযাত্ৰী দলটোক মহটিয়াই লৈ যায় । এই ভয়ানক দুৰ্ঘটনাটোত ঘটনাস্থলীতে ৫ জন লোক নিহত আৰু ৭ জন আহত হয় । আহতসকলক ততাতৈয়াকৈ কেওনঝাৰ জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পিছত আহত আন এজনৰ মৃত্যু হয় ।