নেশ্যনেল ডেস্ক, ১২ ছেপ্টেম্বৰ:জম্মু-কাশ্মীৰত শোকাৱহ ঘটনা । জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভূমিস্খলনৰ ফলত ৪ গৰাকী লোকৰ মৃত্যু । ৰামবান জিলাত সংঘটিত এই ঘটনাক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে । প্ৰশাসনৰ এগৰাকী বিষয়াৰ মতে ভূমিস্খলনৰ ঘটনাটো বানিহাল চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শ্বেৰবিবি অংশত সংঘটিত হৈছে । ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা শিল, মাটি এখন ট্ৰাকৰ ওপৰতে পৰে । ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে ট্ৰাকখন । ফলত তাত থকা ৪ গৰাকী লোকৰ মৃত্যু হয় ।
ইফালে ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে সেই স্থানত স্থানীয় আৰক্ষীৰ দল উপস্থিত হয় । আৰক্ষীয়ে জনোৱা মতে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৱাগান বানিহালত এখন বাহনৰ ওপৰত পাহাৰৰ পৰা নামি অহা প্ৰকাণ্ড শিল বাগৰি পৰে । আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৪ গৰাকী লোকৰ মৃতদহে উদ্ধাৰ কৰিছে আৰু এছডিএইছ বনিহাললৈ প্ৰেৰণ কৰা হৈছে । মৃতকৰ পৰিয়াল তথা আত্মীয়লৈ আৰক্ষীয়ে এই তথ্য প্ৰেৰণ কৰিছে বুলিও জানিব পৰা গৈছে । ইফালে আৰু কোনো লোক তাত আৱদ্ধ হৈ আছে নেকি, তাৰ বাবেও প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে ।