নিউজ ডেস্ক, 19 জুলাই :সোমবাৰে পুৱতি নিশা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ মাণ্ডো গাঁৱত ডাৱৰ বিস্ফোৰণ (Cloudburst) সংঘটিত হয় । এই ঘটনাত মাণ্ডো গাঁৱত এটা পৰিয়ালৰ তিনিজন সদস্যৰ মৃত্যু হোৱাৰ লগতে আন চাৰিগৰাকী সদস্য সন্ধানহীন হোৱাৰ কথা জানিব পৰা হৈছে ৷ মৃতসকলক দুগৰাকী মহিলা বুলি চিনাক্ত কৰা হৈছে ৷ এই ঘটনাত এটি ছয় বছৰীয়া শিশুৰো মৃত্যু হোৱাৰ কথা জানিব পৰা হৈছে ।
উত্তৰাখণ্ডত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মণ্ডো আৰু নিৰাকোট অঞ্চলত ডাৱৰ বিস্ফোৰণ (Cloudburst) হৈছিল ৷ যাৰ ফলত অঞ্চল দুটাত বান (Flood)ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু বানত 15 টাৰ পৰা 20 টা ঘৰ ক্ষতিগ্ৰস্ত হয় । ডাৱৰ বিস্ফোৰণ (Cloudburst)ৰ তথ্য লাভ কৰাৰ পাছতেই এছ ডি আৰ এফ আৰু আৰক্ষীৰ নেতৃত্বত এটা উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় ।