অদ্যপি সম্পূৰ্ণৰূপে শান্ত হোৱা নাই মণিপুৰ তেজপুৰ, ২৩ জুলাই:যোৱামে’ মাহৰ প্ৰথম সপ্তাহত যেতিয়া মণিপুৰত কুকি আৰু মেটেই সকলৰ মাজত গোষ্ঠীগত সংঘৰ্ষ আৰম্ভ হৈছিল, তেতিয়া ৰাজ্যখনত ইণ্টাৰনেট নিষিদ্ধ হোৱাৰ ঠিক আগতেই এটা ভিডিঅ’ ভাইৰেল হৈছিল । এই ভাইৰেল ভিডিঅ'টোত থকা এজন বৃদ্ধৰ কাহিনী মণিপুৰৰ বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি ব্যাপক চৰ্চা চলিছে ।
ট্ৰাইবেল চলিডেটৰী যাত্ৰাৰ পিচদিনা অৰ্থাৎ ৪ মে'ত ঙাংবাম য়াইমা নামৰ ৭৫ বছৰীয়া ব্যক্তিজনে নিজৰ বন্ধু তথা মিছি হাউবি গাঁৱৰ মুখীয়ালজনক লগ কৰিবলৈ গৈছিল । কিন্তু তেওঁক সন্দেহযুক্ত কুকি দল এটাই নৃশংসভাৱে প্ৰহাৰ কৰিছিল ।
তাৰোপৰি এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পত্নীকো যোৱা ১২ জুনত ফসৰৰ ভিতৰতে জীৱন্তে জ্বলাই দিয়ে দুষ্কৃতিকাৰীয়ে । কাকচিং জিলাৰ ছেৰৌ আৱাংলেইকাই অঞ্চলৰ স্বাধীনতা সংগ্ৰামী প্ৰয়াত এছ চুৰাচান্দ সিঙৰ পত্নী সোৰোখাইবাম ইবেতোম্বী দেৱীক (৮০) ঘৰৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়ে । যোৱা ১৯ জুলাইত দুইগৰাকী কুকি মহিলাৰ বিবস্ত্ৰ কৰি সমদল কৰোৱা ভিডিঅ’ ভাইৰেল হোৱাৰ পিচত পোহৰলৈ আহিছে এই ঘটনা ।
লগতে পঢ়ক:Manipur viral video case: মণিপুৰত বিবস্ত্ৰ মহিলা কাণ্ডৰ পঞ্চম অভিযুক্তক গ্ৰেপ্তাৰ
ইতিমধ্যে ৰাজ্যখনত এই নিৰ্লজ্জ ঘটনাৰ লগত জড়িত ৫ জনক গ্ৰেপ্তাৰ কৰিছে । মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ইতিমধ্যে জনাইছে যে, ৰাজ্যত ইন্টাৰনেটৰ সংযোগ সক্ৰিয় হোৱাৰ পিচত হয়তো আৰু বহুতো এনে শিহৰণকাৰী ঘটনা পোহৰলৈ আহিব ।
উল্লেখযোগ্য যে, ৰাজ্যখনত দীৰ্ঘদিন ধৰি ইণ্টাৰনেটত সংযোগ বন্ধ কৰি ৰখা কাৰ্য যেন ইতিহাসত পৰিণত হোৱাৰ দিশে গতি কৰিছে । মণিপুৰৰ অতীত এক গুৰুত্বপূৰ্ণ বিষয় ৷ ১৯৪৯ চনত স্বাধীন ভাৰত আৰু স্বাধীন মণিপুৰৰ মাজত দ্বিপাক্ষিক চুক্তি হৈছিল আৰু সেইবাবেই একত্ৰীকৰণ চুক্তিৰ জৰিয়তে ভাৰতীয় সংঘৰ সৈতে একত্ৰিত হোৱা ৰাষ্ট্ৰসমূহৰ ভৌগলিক অখণ্ডতা ভাঙি পেলাব পৰা নগ’ল ।
মণিপুৰৰ যি ভূখণ্ড একত্ৰীকৰণ চুক্তিৰ জৰিয়তে ভাৰতৰ লগত সংযুক্ত হৈছিল, সেই ভূখণ্ড আছিল ব্ৰিটিছ উপনিবেশিকসকলে এৰি থৈ যোৱা ভূখণ্ড, য’ত পাহাৰ আৰু উপত্যকা দুয়োটাকে সামৰি লোৱা হৈছিল; আন্তঃৰাষ্ট্ৰীয় আইনেও ‘উটি পচিডেটিছ জুৰিছ’ নীতিৰ অধীনত ভূখণ্ডৰ অখণ্ডতা ভংগ কৰাত বাধা দিয়ে । গতিকে মণিপুৰৰ শেহতীয়া হিংসাত্মক ঘটনাৱলীৰ সৈতে ইয়াৰ ইতিহাসৰ দুই-এক অধ্যায় জড়িত হৈ থকা বুলি ক’ব খুজিছে বিভিন্ন মহলে ৷
অধিক পঢ়ক:Manipur Violence : মণিপুৰৰ বিষয়ক লৈ সদনত অচলাৱস্থা, প্ৰাক্তন মহাসচিব পিডিটি আচাৰ্যৰ বিশেষ পৰামৰ্শ