নেশ্যনেল ডেস্ক,১৬ জুলাই :ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ সমান্তৰালকৈ এইবাৰ পশ্চিবংগত ক'লা জ্বৰত আক্ৰান্ত হৈছে বহু লোক (Black fever outbreak in West Bengal)। ৰাজ্যখনৰ প্ৰায় ১১ খন জিলাত ক'লা জ্বৰৰ ঘটনা পোহৰলৈ আহিছে । প্ৰায় ৬৫ গৰাকী লোক এই জ্বৰত আক্ৰান্ত হৈছে (Around 65 black fever cases in West Bengal)।
সৰ্বাধিক ঘটনা পোহৰলৈ আহিছে দাৰ্জিলিং, মালদা, উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ আৰু কালিম্পং জিলাত । এগৰাকী বিষয়াই উল্লেখ কৰা মতে পশ্চিমবংগত পৰা ক'লা জ্বৰ ব্যৱহাৰিকভাৱে নিৰ্মূল কৰা হৈছিল । কিন্তু শেহতীয়াকৈ ১১ খন জিলাত পুনৰ এই জ্বৰৰ প্ৰাদুৰ্ভাৱ হৈছে । যাৰ বাবে স্বাস্থ্য বিভাগ তথা প্ৰশাসন ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লৈছে ।
ওপৰোক্ত জিলাসমূহৰ উপৰিও বীৰভূম, বাংকুৰা, পুৰুলিয়া, মুৰ্শিদাবাদ জিলাতো ক'লা জ্বৰৰ ঘটনা পোহৰলৈ আহিছে (Black fever cases in West Bengal)। বিষয়াগৰাকী মতে, এতিয়ালৈ কলকাতাত ক'লা জ্বৰৰ কোনো ঘটনা ধৰা পৰা নাই ।