নেশ্যনেল ডেস্ক, 5 আগষ্ট : সোমবাৰে হাৰিয়ানাৰ নুহ জিলাত সংঘটিত হিংসা-সংঘৰ্ষৰ সৈতে জড়িত 141 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত 55 টা এফআইআৰ পঞ্জীয়ন কৰা হৈছে বুলি শুকুৰবাৰে আৰক্ষীয়ে অৱগত কৰে । দুটা গোটৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ ফলত 2 গৰাকী আৰক্ষী হোমগাৰ্ডকে ধৰি 6 জনৰ মৃত্যু হৈছে ৷ আনহাতে, সংৰ্ঘষৰ পৰিপ্ৰেক্ষিতত 88 জন আহত হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
ধৰ্মীয় শোভাযাত্ৰাৰ সময়তে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত এতিয়ালৈকে 55 টা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু 141 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । নুহৰ সংঘৰ্ষৰ পিছত গুৰুগ্ৰাম আৰু ইয়াৰ কাষৰীয়া জিলাসমূহত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত ঘটনাৰো তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ শেহতীয়াকৈ গুৰুগ্ৰামত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত 27 টা গোচৰ দাখিল কৰি 38 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জনায় ৷ ইয়াৰোপৰি ঘটনাৰ সৈতে জড়িতৰ অভিযোগত 60 জন লোকক প্ৰতিৰোধমূলকভাৱে আটক কৰি ৰখা হৈছে বুলিও আৰক্ষীয়ে । এই হিংসাত্মক পৰিস্থিতিৰ সময়ত প্ৰায় এক ডজন আৰক্ষী আহত হয় । ",