অসম

assam

By

Published : Jul 26, 2022, 10:49 PM IST

ETV Bharat / bharat

DGP's Commendation Disc: ত্ৰিপুৰাত আৰক্ষী বিষয়া-চি আৰ পি এফ বিষয়ালৈ বিশেষ সন্মান

ত্ৰিপুৰা আৰক্ষী আৰু চি আৰ পি এফ বিষয়ালৈ আগবঢ়োৱা হ'ল বিশেষ সন্মান ৷ অসাধাৰণ প্ৰদৰ্শন আৰু জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত লক্ষ্য ৰাখি ৭ গৰাকী আৰক্ষী বিষয়া আৰু এগৰাকী চি আৰ পি এফ বিষয়ালৈ আগবঢ়োৱা হয় ডিজিপিৰ প্ৰশংসা ডিস্ক(Awarded with DGPs Commendation Disc) ।

Seven Tripura Police, CRPF officials received DGP's Disc
ত্ৰিপুৰাত আৰক্ষী বিষয়া-চি আৰ পি এফ বিষয়ালৈ বিশেষ সন্মান

আগৰতলা, 26 জুলাই :ত্ৰিপুৰাৰ ৭ গৰাকী আৰক্ষী বিষয়া আৰু এগৰাকী চি আৰ পি এফ বিষয়ালৈ আগবঢ়োৱা হ'ল বিশেষ সন্মান ৷ তেওঁলোকৰ অসাধাৰণ প্ৰদৰ্শন আৰু জনসেৱাৰ প্ৰতি থকা দায়বদ্ধতাৰ ওপৰত লক্ষ্য ৰাখি ডিজিপিৰ প্ৰশংসা ডিস্কেৰে সন্মানিত কৰা হয়(DGPs Commendation Disc to police person in Tripura) ।

ডিজিপিৰ প্ৰশংসা ডিস্কেৰে সন্মানিত কৰা এই সাতগৰাকী আৰক্ষী বিষয়া হৈছে ক্ৰমে আৰক্ষী মহাপৰিদৰ্শক গৌৰৱ চক্ৰৱৰ্তী, পশ্চিম ত্ৰিপুৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পিয়ামাধুৰী মজুমদাৰ, ধলাই জিলাৰ উপ আৰক্ষী অধীক্ষক জাষ্টিন জোচেফ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জন ৰঞ্জন দেৱবৰ্মা, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌতম দেৱবৰ্মা, মুংগিয়াকামি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ-পৰিদৰ্শক সুমন দেৱৰ লগতে লগতে ত্ৰিপুৰা খণ্ডৰ চি আৰ পি এফ জোৱান ৰবীপ সিং সাহিলৈ বিশেষ সন্মান আগবঢ়োৱা হয় ৷

আনহাতে ত্ৰিপুৰাৰ ডিজিপি কাৰ্যালয়ৰ(Tripura DGP office) পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে কোৱা হৈছে যে, এই বিষয়াসকলে সদায়ে তেওঁলোকৰ কৰ্তব্যসমূহ অতি নিষ্ঠা সহকাৰে পালন কৰি অহাৰ লগতে জনতাৰ হিতাৰ্থে নিজৰ কাম-কাজ সম্পন্ন কৰি গৈছে আৰু ভৱিষ্যতেও তেওঁলোকে এনেদৰে নিজৰ দায়িত্বসমূহ পালন কৰি যাব ।

লগতে আশা কৰা হৈছে যে, তেওঁলোকক দিয়া এই সন্মানে আন আৰক্ষী বিষয়া তথা কৰ্মীসকলকো একেধৰণৰ পেছাদাৰী উৎসাহ দেখুৱাবলৈ অনুপ্ৰাণিত কৰিব ৷

লগতে পঢ়ক :Kargil Vijay Diwas 2022: দেশজুৰি পালন কাৰ্গিল বিজয় দিৱস

ABOUT THE AUTHOR

...view details