নেশ্যনেল ডেস্ক, 1 জুলাই :ব্যৱসায়ৰ দিশত ভাৰতৰ অগ্ৰগতি ৷ বৃহস্পতিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা ২০২০ ৰূপায়ণৰ ভিত্তিত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰেংকিঙৰ শীৰ্ষত ভাৰতৰ 7 খন ৰাজ্যই স্থান দখল কৰিবলৈ সক্ষম হৈছে (Seven states top achievers in business ) ৷ অন্ধ্ৰ প্ৰদেশ, গুজৰাট, হাৰিয়ানা, কৰ্ণাটক, পঞ্জাৱ, তামিলনাডু আৰু তেলেংগানাকে ধৰি এই তালিকাত শীৰ্ষ স্থান লাভ কৰা 7 খন ৰাজ্যৰ নাম প্ৰকাশ কৰে বিত্তমন্ত্ৰীগৰাকীয়ে (Union finance minister Nirmala Sitharaman) ৷
এচিভাৰ শিতানত হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷ ইফালে এছপায়াৰছ শিতানত অসম, কেৰেলা, গোৱা, ছত্তীশগড়, ঝাৰখণ্ড, কেৰেলা, ৰাজস্থান আৰু পশ্চিম বংগৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে । উদীয়মান ব্যৱসায়িক পৰিৱেশ তন্ত্ৰৰ শাখাত দিল্লী, পণ্ডিচেৰী, ত্ৰিপুৰাকে ধৰি 11 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে ৷
এই প্ৰতিবেদনৰ মূল লক্ষ্য হৈছে বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰা, ব্যৱসায়-অনুকূল পৰিৱেশ সৃষ্টি কৰা আৰু ব্যৱসায় সংস্কাৰ কাৰ্য পৰিকল্পনা (বিআৰএপি) ৰূপায়ণত ৰাজ্যসমূহৰ প্ৰদৰ্শনৰ আধাৰত মূল্যাংকন প্ৰণালীৰ জৰিয়তে এক উৎসাহজনক প্ৰতিযোগিতাৰ সহায়ত সমগ্ৰ দেশত ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰা ৷