অসম

assam

ETV Bharat / bharat

হিমাচলৰ মণ্ডী জিলাত পথ দুৰ্ঘটনাত নিহত সাত - দুৰ্ঘটনাত নিহত বিহাৰৰ সাত প্ৰব্ৰজিত শ্ৰমিক

হিমাচলৰ মণ্ডী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত সাতজন প্ৰব্ৰজিত শ্ৰমিক ৷ আনহাতে, আহত হয় বাহনৰ চালক ৷

আহত বাহনৰ চালক
হিমাচলৰ মণ্ডী জিলাত পথ দুৰ্ঘটনাত নিহত সাত

By

Published : Nov 16, 2020, 12:23 PM IST

নেশ্যনেল ডেস্ক, 16 নৱেম্বৰ :হিমাচলৰ মণ্ডী জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চণ্ডিগড়-মনালী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ নৈত বাহন বাগৰি পৰাৰ ফলত নিহত হয় সাতজনকৈ প্ৰব্ৰজিত শ্ৰমিক ৷ পুৱতি নিশা 3 বজাত সুকেতি খোড় নৈত মহিন্দ্ৰা পিক আপ বাহনখন বাগৰি পৰাৰ ফলত বাহনৰ চালকজন আহত হয় ৷

ঘটনা সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷

পিক আপ বাহনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হয় ৷ ফলত বাহনখনত থকা বিহাৰৰ আটাইকেইজন প্ৰব্ৰজিত শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷

সদৰ আৰক্ষী থানাৰ বিষয়া বিনোদ কুমাৰ ঠাকুৰে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় ৷ ছয়জন লোক থিতাতে মৃত্যু হোৱাৰ লগতে আন দুজনক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তাতে এজন শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷

আঘাতপ্ৰাপ্ত বাহনৰ চালকজনে জানিবলৈ দিয়ে যে, নিশা আহি উপস্থিত হোৱা শ্ৰমিকসকলক ঠিকাদাৰে বাছ ষ্টেণ্ডলৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল ৷ ইয়াৰ পাচতে সংঘটিত হয় দুৰ্ঘটনা ৷ ঘটনা সম্পৰ্কত আৰক্ষীয়ে ভাৰতীয় দণ্ডাবিধি আইনৰ অনুচ্ছেদ 279, 338 আৰু 304 A ৰ অধীনত এক গোচৰ ৰুজু কৰিছে ৷

লগতে পঢ়ক :মহাৰাষ্ট্ৰত মহিলাক এছিড ঢালি জীৱন্তে জ্বলাই দিয়া অভিযুক্তক আটক

ABOUT THE AUTHOR

...view details