অসম

assam

By

Published : Sep 13, 2022, 6:55 AM IST

Updated : Sep 13, 2022, 7:19 AM IST

ETV Bharat / bharat

ছেকেন্দ্ৰাবাদত অগ্নিকাণ্ডত মৃত্যু 8 জনৰ

ছেকেন্দ্ৰাবাদত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে 8 জনে (Fire broke out in a lodge in Secunderabad) ৷ এটা পাঁচ মহলীয়া বিল্ডিংৰ চেলাৰত থকা এখন ইলেক্ট্ৰিক বাহনৰ শ্ব’ৰুমত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে ।

Seven died of suffocation
Seven died of suffocation

নিউজ ডেস্ক, 13 ছেপ্টেম্বৰ: সোমবাৰে নিশা ছেকেন্দ্ৰাবাদত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড (Devastating fire in Secunderabad) । এটা পাঁচ মহলীয়া বিল্ডিংৰ চেলাৰত থকা এখন ইলেক্ট্ৰিক বাহনৰ শ্ব’ৰুমত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে । ফলত তাৰ পৰা উৎপন্ন হোৱা ক’লা ধোৱাই ছানি ধৰে শ্ব’ৰুমটোৰ অপৰত থকা এটা ল’জ ৷ ৰুবী নামৰ ল’জটোত থকা 8 গৰাকী পৰ্যটকৰ ঘন ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হৈ মৃত্যু হয় (Eight died in Secunderabad fire incident) । তিনিজনৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন পাঁচজনে চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।

মৃতকৰ ভিতৰত আছে ৬ জন পুৰুষ আৰু এগৰাকী মহিলা । খবৰ অনুসৰি তেওঁলোকৰ বয়স ৩৫ৰ পৰা ৪০ বছৰৰ ভিতৰত । গুৰুতৰভাৱে আহত হৈছে আন দহজন লোক । মৃতকৰ ভিতৰত উদ্ধাৰ হৈছে বিজয়াৱাড়াৰ হৰিশ, চেন্নাইৰ সীতাৰমণ আৰু দিল্লীৰ বীতেন্দ্ৰ । বাকীসকলক বৰ্তমানেও চিনাক্ত কৰা হোৱা নাই । আহতসকল বৰ্তমান গান্ধী হাস্পতালত চিকিৎসাধীন হৈ আছে (Seven died of suffocation)।

পাছপ’ৰ্ট অফিচৰ ওচৰতে আছিল এই ৰুবী লাক্সাৰী প্ৰাইড নামৰ এটা পাঁচ মহলীয়া অট্টালিকাটো (Massive fire in Secunderabad) । ইয়াৰ চেলাৰ আৰু তলৰ মহলাত আছে ৰুবী ইলেক্ট্ৰিক বাহনৰ শ্ব’ৰুম । বাকী চাৰি মহলাত এখন হোটেলৰ ব্যৱসায় চলি আছিল ।

সোমবাৰে নিশা প্ৰায় ৯.৪০ বজাত গ্ৰাউণ্ড ফ্ল’ৰত সংঘটিত হয় অগ্নিকাণ্ড । কৰ্মচাৰীসকলে কয় যে, বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত হৈছে এই অগ্নিকাণ্ড । গৰমৰ বাবে শ্ব’ৰুমত থকা বৈদ্যুতিক বাহনৰ বেটাৰী বিস্ফোৰণ ঘটে । ফলত জুইৰ শিখা যান-বাহনসমূহলৈ বিয়পি পৰাৰ লগে লগে ই ভয়ংকৰ ৰূপ ।

জুই আৰু ধোঁৱা ওপৰৰ মহলাবোৰলৈও বিয়পি পৰে । ইয়াৰ উপৰিও বাহন আৰু বেটাৰীৰ ফলত ঘন ক’লা ধোঁৱাৰ সৃষ্টি হয় । তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । মন্ত্রী তালাসানী শ্ৰীনিবাস যাদৱ, মাহমুদ আলী, হায়দৰাবাদৰ আৰক্ষী আয়ুক্ত চি ভি আনন্দই ঘটনাস্থলী পৰিদৰ্শন কৰে । ঘটনাটোক লৈ তেওঁ আশ্বৰ্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক:তেজপুৰত ড্ৰোণযোগে কৃষিক্ষেত্ৰত প্ৰয়োগ কৰা হ’ব সাৰ আৰু কীটনাশক

Last Updated : Sep 13, 2022, 7:19 AM IST

ABOUT THE AUTHOR

...view details