নেশ্যনেল ডেস্ক, 16 আগষ্ট:জম্মু-কাশ্মীৰৰ পেহেলগাম অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Bus falls into gorge in Pahalgam)৷ যোৱা 11 আগষ্টত সামৰণি পৰা অমৰনাথ যাত্ৰাৰ কৰ্তব্যৰ পৰা উভতি অহাৰ পথতেই মঙলবাৰে চন্দনৱাৰী আৰু পেহেলগামৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে আৰক্ষীৰ যোৱান কঢ়িয়াই অনা এখন যাত্ৰীবাহী বাছ ৷ জানিব পৰামতে দুৰ্ঘটনাত পতিত হোৱা বাছখনত 37 জন ইণ্ডো তিব্বত সীমান্ত আৰক্ষী (আইটিবিপি) (Indo Tibetan Border Police)ৰ জোৱান আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ দুগৰাকী জোৱান আছিল ৷
দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে দুর্ঘটনাস্থলীলৈ ১৯ খন এম্বুলেন্স ৰাওনা হয় । এই ভয়ংকৰ দুৰ্ঘটনাত 7 জন আই টি বি পিৰ জোৱান থিতাতে নিহত হয় ৷ লগতে 10 জন জোৱান গুৰুতৰভাৱে আহত হয় ৷ সম্প্ৰতি জোৱানসকলৰ মৃতদেহ পেহেলগাম অসমাৰিক হাস্পতালত ৰখা হৈছে ৷ ইতিমধ্যে সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) হেলিকপ্টাৰ এখনে আহতসকলক বিচাৰি উদ্ধাৰ অভিযান অৱ্যাহত ৰাখিছে ৷