তেজপুৰ, ২৩ ডিচেম্বৰ:মণিপুৰ আৰক্ষীয়ে শুকুৰবাৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই কেবাটাও বাংকাৰ ধ্বংস কৰাৰ লগতে বুজন সংখ্যক বিস্ফোৰক সামগ্ৰী তথা বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ কৰিবলৈ সক্ষম হয় । মণিপুৰ আৰক্ষীয়ে পশ্চিম ইম্ফল, পূব ইম্ফল, টেঙনৌপাল, থৌবাল, কাকচিং, চুৰাচান্দপুৰ, কাংপোকপি আৰু বিষ্ণুপুৰ জিলাৰ দুৰ্গম অঞ্চলত চলাইছিল এই অভিযান ৷
এই অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে কাংপোকপি জিলাত অৱস্থিত দুটা বিশেষ ঘাটি আৰু এটা বাংকাৰ ধ্বংস কৰে ৷ আৰক্ষীৰ দলটোৱে লগতে কাকচিং জিলাৰ পৰা দুটা হস্তনিৰ্মিত গ্ৰেনেড, দুটা স্থানীয় নিৰ্মিত পাইপ গান উদ্ধাৰ কৰে ৷
একে সময়তে চুৰাচান্দপুৰ জিলাৰ পৰা আৰক্ষীৰ দলে এটা দেশত নিৰ্মিত ৯ মিমি কাৰ্বাইন, ৯ মিমি পিষ্টল, ৰাইফল, কেইবাজাঁই সজীৱ গুলী, কেইবাটাও কন্দুৱা গেছৰ লগতে এটা ৰেডিঅ' চেট, এটা লং ৰেঞ্জ কান্ট্ৰী মেড মৰ্টাৰসহ মৰ্টাৰ বোমা, ২০০ টকীয়া নকল টকা, এযোৰ জংঘলত পিন্ধা জোতাসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।