অসম

assam

ETV Bharat / bharat

মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৯ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু - Landslide in noney Manipur

ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত সৌন্দৰ্যৰ লীলাভূমি মণিপুৰ(Manipur landslide latest update) । এতিয়া ভূমিস্খলনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত । ভূমিস্খলনত বৰ্তমানলৈ প্ৰাণ হেৰুৱাইছে সাতগৰাকী সেনা জোৱানসহ এগৰাকী সাধাৰণ নাগৰিকে ।

seven army personnel and one civilian killed in landslide in manipur
মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৭ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

By

Published : Jul 1, 2022, 7:47 AM IST

Updated : Jul 1, 2022, 11:10 AM IST

নেশ্যনেল ডেস্ক,১ জুলাই: ভূমিস্খলনে ভয়াৱহৰূপ ধাৰণ কৰিছে মণিপুৰত(Manipur landslide latest update) । ভূমিস্খলনত জাহ গৈছে সেনাৰ চাউনী । নোনি জিলাত অৱস্থিত সেনা চাউনীত হোৱা ভূমিস্খলনত কেইবাজনো সেনা জোৱান নিহত হোৱাৰ লগতে আহত হৈছে বহুকেইজন । ইফালে বৰ্তমানেও সন্ধানহীন হৈ আছে ৫৪ জনৰো অধিক ।

মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৭ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা । এই ভূমিস্খলনৰ ঘটনাত বৰ্তমানলৈ ৯ গৰাকী সেনা জোৱান তথা এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে । নোনি জিলাৰ টুপিল ৰেল ষ্টেচনৰ সমীপত স্থাপিত ভাৰতীয় সেনাৰ ১০৭ টা টেৰিটৰিয়েল আৰ্মীৰ এটা কোম্পানী ভূমিস্খলনত কবলত পৰিছিল (Landslide in noney Manipur) । বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে চাউনীটোক সামৰি ৰখা সমগ্ৰ অঞ্চলটোত । সেনা চাউনীটোৰ বিষয়াই জনোৱা মতে ৩৪ গৰাকী সৈনিক, কেইবাজনো ৰে'ল বিষয়া আৰু সাধাৰণ শ্ৰমিকসহ প্ৰায় ৫৪ গৰাকী লোকৰ বৰ্তমানো কোনো সন্ধান পোৱা নাই । ইফালে ধ্বংসস্তুপৰ পৰা উদ্ধাৰ কৰা হয় ৩৪ গৰাকী সশস্ত্ৰ বাহিনীৰ জোৱান আৰু কেইবাগৰাকীও সাধাৰণ নাগৰিকক (Army men stuck in landslide)।

মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৮ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

আনহাতে ভূমিস্খলনৰ মাজতে আন এক বিপদৰ শংকাও ঘণীভূত হৈ পৰিছে অঞ্চলটোত । ভূমিস্খলনত খহি পৰা ধ্বংসাৱশেষে অৱৰুদ্ধ কৰিছে ইজেই নদীৰ গতি । যাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা জলাশয়ে কাষৰীয়া অঞ্চলসমূহ প্লাৱিত কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । আনহাতে ইজেই নদীৰ জলপৃষ্ঠ বৃদ্ধি হৈ ভূমিস্খলনত খহি পৰা ধ্বংসাৱশেষে সেই স্থানত থকা বান্ধ ভাঙিলে আৰু ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে । সেয়ে প্ৰশাসনৰ তৰফৰ পৰা সাধাৰণ ৰাইজক সতৰ্ক কৰি দিছে ।

মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৮ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পৰিস্থিতিৰ মূল্যাঙ্কন কৰিবলৈ এখন জৰুৰী বৈঠক আহ্বান কৰিছে । এক টুইটযোগে এই কথা সদৰি কৰে এন বীৰেন সিঙে । সিঙে টুইটত উল্লেখ কৰে যে বৰ্তমান উদ্ধাৰ অভিযান পূৰ্ণ গতিত চলি আছে । এন ডি আৰ এফৰ এটা দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ফোনোযোগে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে ।

মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৮ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

লগতে পঢ়ক:প্লাষ্টিক বন্ধ কৰাৰ চৰকাৰী আহ্বানক মৰাণৰ ব্যৱসায়ীৰ আদৰণি

Last Updated : Jul 1, 2022, 11:10 AM IST

ABOUT THE AUTHOR

...view details