অসম

assam

ETV Bharat / bharat

দিল্লীত অধিক ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপনৰ আহ্বান দিল্লী উচ্চ ন্যায়ালয়ৰ - দিল্লী উচ্চ ন্যায়ালয়

ৰাজধানী দিল্লীত অধিক ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিবলৈ দিল্লী চৰকাৰক অনুৰোধ জনাইছে দিল্লী উচ্চ ন্যায়ালয়ে । মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ যশমীট সিঙৰ বিচাৰপীঠে দিল্লী চৰকাৰক জনাইছে এই অনুৰোধ ।

দিল্লীত অধিক ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক ন্যায়ালয়ৰ অনুৰোধ
দিল্লীত অধিক ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বাবে চৰকাৰক ন্যায়ালয়ৰ অনুৰোধ

By

Published : Apr 26, 2021, 7:50 PM IST

নেশ্যনেল ডেস্ক, ২৬ এপ্ৰিল: দিল্লীৰ সাম্প্ৰতিক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী দিল্লীত অধিক ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিবলৈ দিল্লী চৰকাৰক অনুৰোধ জনাইছে দিল্লী উচ্চ ন্যায়ালয়ে । সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি এন পেটেল আৰু ন্যায়াধীশ যশমীট সিঙৰ বিচাৰপীঠে দিল্লী চৰকাৰক অধিক ক'ভিড পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিবলৈ অনুৰোধ জনায় । উল্লেখ্য যে, যোৱা কেইটামান দিনত দিল্লীত প্ৰতিদিনে ২৪,০০০ তকৈ অধিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ।

এনে ভয়াৱহ পৰিস্থিতিত দিল্লীৰ বহুকেইগৰাকী অধিবক্তাই ন্যায়ালয়ত আপত্তি জনোৱাৰ পাচত আদালতে দিল্লী চৰকাৰক এই অনুৰোধ জনায় । ৰাজধানী দিল্লীত অধিবক্তা কেইগৰাকীয়ে পৰীক্ষা কৰাৰ সময়ত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল । দিল্লীত আক্ৰান্ত আৰু পৰীক্ষা কৰা লোকৰ সংখ্যা ইমানেই বৃদ্ধি পাইছে যে, পৰীক্ষাগাৰ সমূহত ক'ভিড পৰীক্ষা কৰিবলৈ গ'লে ২-৩ দিনৰ পিছতহে নমুনা সংগ্ৰহ কৰিব পাৰিব বুলি কোৱা হৈছিল । লগতে অধিবক্তাসকলে দাবী কৰিছিল যে পূৰ্বে এক লাখতকৈও অধিক ক'ভিড পৰীক্ষা কৰা হৈছিল । সম্প্ৰতি পূৰ্বৰ তুলনাত দৈনিক পৰীক্ষাৰ সংখ্যা প্ৰায় ৬০,০০০ লৈ হ্ৰাস পাইছে । উল্লেখ্য যে, দিল্লীত দেওবাৰে ৩৫০ জনে মহামাৰীৰ ফলত প্ৰাণ হেৰুৱাইছে । আনহাতে ২২,৯৩৩ টা সক্ৰিয় ঘটনাৰে মুুঠ সক্ৰিয়ৰ হাৰ ৩০.২১ শতাংশ ।

লগতে পঢ়ক: সকলো পৰ্যায়ৰ সহায়ৰ আশ্বাস সুন্দৰ পিচাই আৰু সত্য নাডেলাৰ

ABOUT THE AUTHOR

...view details