নিউজ ডেস্ক, ২ জানুৱাৰী :চকুৰ পচাৰতেই যেন শেষ হ'ল ২০২২ বৰ্ষ । আনহাতে, নৱবৰ্ষ ২০২৩-ৰ আজি দ্বিতীয়টো দিন । তেনে ক্ষেত্ৰত এইটো হৈছে আপোনাৰ বিত্তীয় সিদ্ধান্তবোৰ পুনৰীক্ষণ কৰাৰ আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ সময় । এই বছৰ কি কাম সম্পূৰ্ণ কৰিব লাগিব ? সেই সকলোবোৰ পৰ্যালোচনা কৰক আৰু এটা উন্নত পৰিকল্পনা প্ৰস্তুত কৰক । বিত্তীয় পৰিকল্পনা এদিনীয়া কাম নহয় । সময়ৰ লগে লগে আমি কি লাভ কৰিছোঁ, কি লাভ কৰিব লাগিব এইবোৰ হৈছে বৰ্তমান চালিজাৰি চোৱাৰ সময় । ভৱিষ্যতৰ পৰিকল্পনাবোৰ আমাৰ যোৱা বছৰৰ ধাৰণা আৰু অভিজ্ঞতাৰ আধাৰৰ ওপৰত ভিত্তি কৰি হ'ব লাগে (financial planning in New Year resolutions) ।
বছৰটোৰ শেষলৈকে এক মসৃণ বিত্তীয় যাত্ৰাৰ বাবে তৎক্ষণাৎ আঠটা পইণ্টৰ ওপৰত গুৰুত্ব দিয়ক । কমেও ছয় মাহৰ বাবে অপ্ৰত্যাশিত ব্যয়ৰ বাবে পৰ্যাপ্ত জৰুৰীকালীন পুঁজি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰক । আপুনি কেতিয়াও নাজানে যে কোন মুহূৰ্তত কি হ'ব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, সকলোবোৰৰ বাবে সাজু হোৱাটো । আপোনাৰ জৰুৰীকালীন পুঁজি সঞ্চয় একাউণ্ট (savings account), লিকুইড মিউচুৱেল ফাণ্ড (liquid mutual funds) আৰু বেঙ্ক ফিক্সড ডিপজিটৰ (bank fixed deposits) মিশ্ৰণ হ'ব লাগে ।
বিনিয়োগৰ সিদ্ধান্ত কেতিয়াও পলম কৰিব নালাগে বা পিছুৱাব নালাগে । লাভ নিৰ্ভৰ কৰে এটা বিনিয়োগ কিমান দিন থাকে তাৰ ওপৰত । তেতিয়াহে দীৰ্ঘম্যাদী সময়ত সম্পদ সৃষ্টি কৰিব পাৰি । জানুৱাৰীত লোৱা সিদ্ধান্তবোৰ কমেও ডিচেম্বৰত কাৰ্যকৰী কৰক । তেতিয়া ক'ব পাৰি যে এই বছৰ লোৱা সিদ্ধান্ত পিছুৱাই দিয়া হোৱা নাই । বিনিয়োগ কমেও 5-10 শতাংশ বৃদ্ধি কৰক । ই আপোনাৰ আকাংক্ষিত লক্ষ্যবোৰ দ্ৰুতগতিত লাভ কৰাত সহায় কৰিব ।
কৰ পৰিকল্পনা হৈছে গুৰুত্বপূৰ্ণ । বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা কৰ ৰেহাইৰ বাবে উপযুক্ত আঁচনি লোৱা উচিত । যোৱা 9 মাহত আপুনি কি বিনিয়োগ কৰিছে পৰীক্ষা কৰক । চলিত বিত্তীয় বৰ্ষত তিনি মাহ বাকী আছে । বিনিয়োগসমূহ এই সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে । এপ্ৰিল ২০২৩-ৰ পৰা কৰ সঞ্চয় আঁচনিত প্ৰতি মাহে বিনিয়োগ কৰাটো অভ্যাসত পৰিণত কৰক ।