অসম

assam

ETV Bharat / bharat

Gujarat Road Accident : আহমেদাবাদত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ১০ - major accident near Bavla Bagodra in Ahmedabad

আহমেদাবাদৰ বাভলা-বাগোদ্ৰা পথত দুৰ্ঘটনাটো সংঘটিত হয় । প্ৰাৰম্ভিক তথ্য অনুসৰি, ১০ জন লোকৰ মৃত্যু হৈছে । আনহাতে, আন ৫ জন লোক আহত হৈছে । এখন মিনি ট্ৰাকে আন এখন ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।

Gujarat Road Accident
Gujarat Road Accident

By

Published : Aug 11, 2023, 5:21 PM IST

নিউজ ডেস্ক, ১১ আগষ্ট :গুজৰাটৰ আহমেদাবাদত বাভলা-বাগোদ্ৰাৰ ওচৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ১০ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি, এখন মিনি ট্ৰাকে আন এখন ডাঙৰ ট্ৰাকত পিছফালৰ পৰা খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত আন পাঁচজন লোক আহত হৈছে । আনহাতে, দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰে ।

ভুক্তভোগীসকল চোটিলাৰ পৰা উভতি আহি থকাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয় । এই গুৰুতৰ দুৰ্ঘটনাটো বাভলা-বাগোদ্ৰাৰ ওচৰত সংঘটিত হয় । মৃত ব্যক্তিসকলৰ ভিতৰত পাঁচগৰাকী মহিলা, দুজন পুৰুষ আৰু তিনিটা শিশু বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুৰ্ঘটনাস্থীলত স্থানীয় আৰক্ষী উপস্থিত হৈ উদ্ধাৰকাৰ্য চলায় আৰু আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

এই সন্দৰ্ভত আহমেদাবাদ জিলাৰ আৰক্ষী অধীক্ষক অমিত কুমাৰ ভাছাই ইটিভি ভাৰতৰ স্থানীয় প্ৰতিনিধিক এক টেলিফোনিক বাৰ্তালাপত কয় যে বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত এগৰাকী কৃষকৰ পৰিয়াল চোটিলা দৰ্শনৰ পৰা উভতি আহি থকাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয় । এখন মিনি ট্ৰাকে তেওঁলোকৰ বাহনত খুন্দা মাৰে বুলি তেওঁ জনায় । আহত ৫ জন লোকক ভগদৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

আন যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় । দুৰ্ঘটনাটোৰ পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰি থকা হৈছে । আনহাতে, মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত অন্তিম সংস্কাৰৰ বাবে মৃতদেহবোৰ পৰিয়ালৰ লোকক হস্তান্তৰ কৰা হ'ব বুলি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে জনায় ।

লগতে পঢ়ক :Man accused of mobile theft stripped: মোবাইল চুৰিৰ অভিযোগত যুৱকক নিবস্ত্ৰ কৰি প্ৰহাৰ

ABOUT THE AUTHOR

...view details