নেশ্যনেল ডেস্ক,৬ আগষ্ট : মহাৰাষ্ট্ৰত উপস্থিত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ । গৃহমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়তে মুম্বাইত ৰে'লত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান । পুৱাই মুম্বাই নিয়ন্ত্ৰণ কক্ষত এই ভাবুকিপূৰ্ণ এটা ফোন আহে । ফোনত এজন লোকে মুম্বাইৰ এখন ৰে'লত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভাবুকি দিছিল । ফোনত লোকজনে মুম্বাইৰ এখন স্থানীয় ৰে'লত বোমা ৰখা বুলি দাবী কৰিছে ।
ফোন কল এটেণ্ডেণ্ট মহিলা আৰক্ষী বিষয়াগৰাকীয়ে তেওঁৰ পৰা অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰিছিল । আৰক্ষীয়ে ফোন কৰা লোকজনক সুধিছিল যে, বোমাটো ক'ত ৰখা হৈছে । কিন্তু লোকজনে কোনো উত্তৰ দিয়া নাছিল । অৱশ্যে লোকজনে কৈছিল যে, তেওঁ জুহুৰ ভিলেপাৰ্ল অঞ্চলৰ পৰা ফোন কৰিছে । আৰক্ষীয়ে তথ্য সংগ্ৰহৰ বাবে পুনৰ ফোন কৰিবলৈ চেষ্টা কৰিছিল । তেতিয়া আন এজন লোকে তেওঁৰ ফোনটো ছুইটছ অফ কৰি দিয়ে ।