আগৰতলা, 13 মাৰ্চ: সুদীৰ্ঘ 13 বছৰ পিছত সন্ধানহীন নিজ ভনীয়কেক বিচাৰি সীমান্তৰ ইটো পাৰে বিচাৰি পালে বাংলাদেশৰ এজন লোকে ৷ আগৰতলাৰ এখন মানসিক চিকিৎসালয়ত ভনীয়েক থকাৰ খবৰ লাভ কৰিয়েই সন্ধানহীন ভনীয়েকৰৰ ঘৰলৈ ওভটাই নিবলৈ ভাৰতলৈ আহিল বাংলাদেশৰ 50 বৰ্ষীয় ফজৰুল হক ৷
13 বছৰ পূৰ্বে সন্ধানহীন হোৱা নিজৰ মানসিকভাৱে বিকাৰগ্ৰস্ত ভনীয়েকৰৰ পুনৰ লগ পোৱাৰ সকলো আশা হেৰুৱাই পেলাইছিল ফজৰুলে ৷ কিন্তু এই সুদীৰ্ঘ বছৰে ভনীয়েকৰ সন্ধান অব্যাহত ৰাখিছিল তেওঁ ৷ অৱেশষত বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ সহযোগত ফজৰুলে প্ৰশাসনৰ সৈতে কথা বতাৰ পতাৰ লগতে প্ৰয়োজনীয় চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পন্ন কৰে ৷
শুকুৰবাৰে প্ৰশাসনৰ সহযোগত ভনীয়েক শয়েস্ত্ৰাক আগৰতলাৰ অখৌড়া ইন্টাৰগেট চেক পোষ্টৰ পৰা নিজ ঘৰ ফৰিদাপুৰলৈ লৈ যায় ফজৰুলে ৷ ফজৰুলে কয় যে, ‘ প্ৰথম অৱস্থাত মই তাইক বিচাৰি পোৱাৰ সকলো আশা ত্যাগ কৰিছিলো ৷ কিন্তু তাৰ পিছতো মই সন্ধান অব্যাহত ৰাখিছিলো ৷ অৱশেষত আগৰতলাৰ এখন মানসিক চিকিৎসালয়ত মই শয়েস্ত্ৰাৰ তথ্য লাভ কৰি খবৰ কৰো আৰু প্ৰয়োজনীয় সকলো প্ৰশাসনিক কাম কাজৰ অন্তত আজি আমি শয়েস্ত্ৰাক নিজ ঘৰলৈ ওভটাই নিবলৈ আহিছো ৷’