নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী : হঠাৎ অসুস্থ হৈ পৰিছে 68 বছৰীয়া তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মুকুল ৰায় ৷ বৰ্তমান তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী কলকাতাৰ এপ’ল’ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে (Senior TMC leader Mukul Roy hospitalized) ৷ হঠাৎ অসুস্থ হৈ পৰাত দেওবাৰে নেতাগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়খন ৷ সম্প্ৰতি পূৰ্বতকৈ স্বাস্থ্য কিছু সুস্থিৰ বুলি জানিব পৰা গৈছে ৷
তথ্য অনুসৰি, দীৰ্ঘদিন ধৰি স্নায়ু ৰোগত আক্ৰান্ত হৈ আছিল তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকী (Sick Senior TMC leader Mukul Roy) ৷ সেয়ে তেওঁ সঘনে চিকিৎসকৰ লগত যোগাযোগত আছিল ৷ শুকুৰবাৰে অৰ্থাৎ 24 ফেব্ৰুৱাৰীত তেওঁ চেকাপৰ বাবে চিকিৎসালয়লৈ গৈছিল ৷ প্ৰাৰম্ভিক পৰীক্ষাৰ অন্তত উক্ত দিনা জ্যেষ্ঠ নেতাগৰাকী ঘৰলৈ উভতি আহে । তাৰ পিচত দেওবাৰে পুনৰ অসুস্থ হৈ পৰাত মুকুল ৰায়ক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
চিকিৎসালয়খনৰ চিকিৎসকে উল্লেখ কৰা অনুসৰি, বৰ্তমান মুকুল ৰায়ৰ স্বাস্থ্য সুস্থিৰ যদিও কিছু চিকিৎসাৰ প্ৰয়োজন ৷ সেয়ে আগন্তুক কেইটামান দিন তেওঁক চিকিৎসয়তে চিকিৎসকৰ নিৰিক্ষণত ৰখা হ’ব মুকুল ৰায়ক ৷ শাৰীৰিক অসুস্থতাৰ বাবে মুকুল ৰায়ে বিধানসভাৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ।