নেশ্যনেল ডেস্ক,২৫ আগষ্ট :চন্দ্ৰত সফল অৱতৰণ কৰা চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে পৃথিৱীলৈ দুই ধৰণে তথ্য প্ৰেৰণ কৰিব পাৰে । চন্দ্ৰৰ দক্ষিণ মেৰুত ইছৰোৰ চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ লগে লগে নেহৰু প্লেনেটেৰিয়ামৰ জ্যেষ্ঠ বিজ্ঞানী আনন্দে ইটিভি ভাৰতক এই কথা জনাইছে । ইটিভি ভাৰতৰ সন্মুখত আনন্দে কয় যে বিক্ৰমে হয় পোনপটীয়াকৈ মহাকাশ কেন্দ্ৰলৈ তথ্য প্ৰেৰণ কৰিব পাৰে বা প্ৰথমে চন্দ্ৰযান-২ অৰ্বিটাৰলৈ তথ্য প্ৰেৰণ কৰিব পাৰে যিয়ে পাছত পৃথিৱীলৈ তথ্য প্ৰেৰণ কৰিব ।
নেহৰু প্লেনেটেৰিয়ামৰ জ্যেষ্ঠ বিজ্ঞানী আনন্দে কয় যে বুধবাৰে সন্ধিয়া ৬:০৪ বজাত লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত কেনেদৰে অৱতৰণ কৰিছিল সেয়া আমি সকলোৱে দেখিছো । তেওঁ উল্লেখ কৰা মতে লেণ্ডাৰে থিতাপি ল'বলৈ কেইঘণ্টামান সময় লৈছিল । সকলো মাপকাঠি পৰীক্ষা কৰাৰ পাছত আৰু যেতিয়া বিজ্ঞানীসকলে দেখিছিল যে সকলো উপাদানে সঠিকভাৱে কাম কৰি আছে । তাৰ পাছত বিক্ৰম লেণ্ডাৰৰ এখন দুৱাৰেৰে ৰভাৰ প্ৰজ্ঞান তললৈ নাম গৈছিল । এই ৰভাৰে চন্দ্ৰৰ দৃশ্যপট অন্বেষণ কৰিবলৈ লেণ্ডাৰৰ পৰা মসৃণভাৱে বাহিৰলৈ ওলাই আহিবলৈ প্ৰায় এঘণ্টা সময় লৈছিল । পৰৱৰ্তী ১৪ দিনৰ বাবে প্ৰজ্ঞানে চন্দ্ৰত ঘূৰি ফুৰিব আৰু কিছু বৈজ্ঞানিক বিশ্লেষণ কৰিব ।
আনন্দে কয় যে ইয়াত দুটা বৈজ্ঞানিক সঁজুলি আছে যাক চন্দ্ৰৰ মাটিৰ ৰাসায়নিক গঠন বিশ্লেষণ কৰিবলৈ আৰু চন্দ্ৰপৃষ্ঠৰ পৰা বিকিৰণ চিনাক্ত কৰিবলৈও ব্যৱহাৰ কৰিব পাৰে । এইবোৰ হৈছে ৰভাৰ প্ৰজ্ঞানৰ সঁজুলিবোৰৰ বৈজ্ঞানিক উদ্দেশ্য ।