অসম

assam

ETV Bharat / bharat

Delhi Bhajanpura Murder Case : দিল্লীৰ ভজনপুৰাত বহুজাতিক কোম্পানীৰ জ্যেষ্ঠ মেনেজাৰক হত্যা; এজনক গ্ৰেপ্তাৰ

দিল্লীৰ ভজনপুৰা অঞ্চলত এটা বহুজাতিক কোম্পানীৰ এজন জ্যেষ্ঠ মেনেজাৰক গুলীয়াই হত্যা কৰা হয় । আৰক্ষীয়ে এই ঘটনাটোক পথ এৰি নিদিয়াৰ বাবেই আক্ৰমণৰ ঘটনা বুলি প্ৰকাশ কৰিছে । ইতিমধ্যে আক্ৰমণত জড়িত এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে । অন্য অভিযুক্তৰ পৰিচয় জানিবলৈ চেষ্টা কৰি আছে ।

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 3:19 PM IST

Delhi Bhajanpura Murder Case
Delhi Bhajanpura Murder Case

নিউজ ডেস্ক, ৩১ আগষ্ট :উত্তৰ-পূব দিল্লীৰ ভজনপুৰাত এটা বহুজাতিক কোম্পানীৰ এজন জ্যেষ্ঠ মেনেজাৰক হত্যাৰ কথা আৰক্ষীয়ে প্ৰকাশ কৰিছে । আৰক্ষীয়ে হত্যাকাণ্ডটোৰ সৈতে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তই জ্যেষ্ঠ মেনেজাৰ আৰু তেওঁৰ মোমায়েকক পথৰ ওপৰতে গুলীচালনা কৰে । এই আক্ৰমণত মেনেজাৰজন নিহত হয় ।

গ্ৰেপ্তাৰ কৰা অভিযুক্তজনক বিলাল গণি ওৰফে মল্লু বুলি চিনাক্ত কৰা হৈছে । ডিচিপি ড৹ জয় তিৰ্কীয়ে বৃহস্পতিবাৰে এই কথা জনাইছে । বিলাল ভজনপুৰাৰ সুভাষ মহল্লাৰ বাসিন্দা । তেওঁ ২৭ আগষ্টত ১৮ বছৰত ভৰি দিছে মাত্ৰ । ডিচিপিয়ে লগতে কয় যে চিচিটিভি ফুটেজৰ ভিত্তিত অভিযুক্তক চিনাক্ত কৰা হয় আৰু পুৱতিনিশা ২ বজাত চিগনেচাৰ ব্ৰীজৰ ওচৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ।

ডিচিপিয়ে প্ৰকাশ কৰা অনুসৰি, মঙলবাৰে নিশা ১১.৫৩ বজাত ভজনপুৰা আৰক্ষী থানা অঞ্চলৰ ৮ নং সুভাষ বিহাৰ ষ্ট্ৰীটত দুজন লোকক গুলীয়াই হত্যা কৰাৰ বিষয়ে তথ্য লাভ কৰে । তথ্য পোৱাৰ লগে লগে আৰক্ষীৰ এট দল ঘটনাস্থলীত উপস্থিত হয় । আহতসকলক ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় । তাত চিকিৎসকে হৰপ্ৰীতক মৃত বুলি ঘোষণা কৰে । আনহাতে, আহত গোবিন্দ চিকিৎসালয়ত ভৰ্তি হৈ আছে । হৰপ্ৰীত দিল্লীস্থিত বহুজাতিক কোম্পানী এটাৰ জ্যেষ্ঠ মেনেজাৰ আছিল । আনহাতে, গোবিন্দই এখন ম'ম'ৰ দোকান চলায় । গোবিন্দ সম্পৰ্কত হৰপ্ৰীতৰ মোমায়েক ।

এই সন্দৰ্ভত হত্যা আৰু হত্যাৰ চেষ্টাৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত চলি আছে । ওচৰৰ অঞ্চলবোৰৰ চিচিটিভি ফুটেজ স্কেন কৰি হত্যাকাণ্ডটোত জড়িত অভিযুক্তজনক চিনাক্ত কৰা হয় । অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ ছয়টা দল গঠন কৰা হৈছিল । বিলাল নামৰ অভিযুক্তজনক বৃহস্পতিবাৰে পুৱতি নিশা চিগনেচাৰ ব্ৰীজৰ ওচৰত গ্ৰেপ্তাৰ কৰা হয় ।

ডিচিপিয়ে জনোৱা অনুসৰি, তদন্তৰ সময়ত এইটো প্ৰকাশ পাইছে যে বিলাল গনিয়ে তেওঁৰ চাৰিজন সঙ্গী মহম্মদ সমীৰ ওৰফে মায়া, ছোহেল ওৰফে বাৱাৰচি, মহম্মদ জুনেইদ আৰু আদনানৰ সৈতে মঙলবাৰে নিশা ঘোণ্ডাত সমীৰৰ ঘৰত এটা পাৰ্টী কৰি ফুৰিবলৈ ওলাই গৈছিল । তেওঁলোকে দুখন স্কুটিত উঠি গৈছিল । তেওঁলোক গৈ সুভাষ বিহাৰৰ ৮/৪ নম্বৰ পথত উপস্থিত হৈছিল । এই গলিটো যথেষ্ট ঠেক আছিল । সেই সময়তে হৰপ্ৰীত তেওঁৰ মোমায়েক গোবিন্দ সন্মুখৰ ফালৰ পৰা আহি আছিল । ৰাস্তাটো ইমানে ঠেক আছিল যে মাত্ৰ দুচকীয়া বাহন এখনহে একে সময়তে পাৰ হ'ব পাৰে ।

দুয়োপক্ষই ইজনে সিজনক ৰ'বলৈ ইংগিত দিয়ে যদিও হৰপ্ৰীতে নৰখি তেওঁৰ বাইকখন আগবঢ়াই দিয়ে । ইয়াতেই ক্ষুব্ধ হৈ জুনেইদে গোবিন্দক এটা চৰ মাৰে । ফলত তেওঁলোকৰ মাজত তৰ্ক-বিতৰ্ক আৰম্ভ হয় । সেই সময়তে মহম্মদ সমীৰে হৰপ্ৰীত আৰু গোবিন্দৰ ওপৰত গুলীচালনা কৰে । দুয়োজনৰ মূৰত গুলী লাগে । ঘটনাটো সংঘটিত কৰি তেওঁলোক আটাইকেইজন ঘটনাস্থলীৰ পৰা পলাই যায় । আৰক্ষীয়ে জনোৱা মতে, বাকীকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আছে ।

লগতে পঢ়ক :Triple Murder in Vaishali: বিহাৰৰ বৈশালীত ট্ৰিপল মাৰ্ডাৰ; মাতৃসহ দুই কন্যাক হত্যা-অচেতন অৱস্থাত উদ্ধাৰ স্বামীক

For All Latest Updates

ABOUT THE AUTHOR

...view details