অসম

assam

ETV Bharat / bharat

IPFTৰ জ্যেষ্ঠ নেত্ৰীৰ TIPRAত যোগদান - জ্যেষ্ঠ নেত্ৰী

IPFTত মোক্ষম আঘাত । TIPRAত যোগদান কৰিলে IPFTৰ মহিলা শাখাৰ সাধাৰণ সম্পাদক স্বপ্না দেৱবাৰ্মাই । IPFTক 'পৰিয়ালকেন্দ্ৰিক দল' আখ্যা দিলে জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে ।

Senior IPFT women leader joins TIPRA
TIPRAত যোগদান কৰিলে IPFTৰ মহিলা শাখাৰ সাধাৰণ সম্পাদক স্বপ্না দেৱবাৰ্মাই

By

Published : Jun 7, 2021, 6:02 PM IST

আগৰতলা, ৭ জুন: ত্ৰিপুৰাত IPFTৰ মহিলা শাখাৰ সাধাৰণ সম্পাদক স্বপ্না দেৱবাৰ্মাই প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন TIPRAৰ সদস্যপদ গ্ৰহণ কৰিছে । ত্ৰিপুৰা জনগোষ্ঠীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দলটোৱে সম্প্ৰতি ত্ৰিপুৰাত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ন ন কৌশল অৱলম্বন কৰিছে ।

ত্ৰিপুৰা জনগোষ্ঠীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত জয়ী হৈ নিজৰ জনপ্ৰিয়তা প্ৰতিপন্ন কৰি বিজেপি-আইপিএফটিৰ মিত্ৰজোঁটৰ চৰকাৰক শংকিত কৰি তুলিছে । কিয়নো, এজনৰ পাচত আনজন নেতাই এতিয়া দল সলনি কৰাৰ ৰাজনীতিত নামিছে । এইবাৰ পুনৰ আইপিএফটিৰ দুৰ্গত মোক্ষম আঘাত হানিলে দলীয় কৰ্মীৰ সিদ্ধান্তই ।

IPFTৰ মহিলা শাখাৰ সাধাৰণ সম্পাদক স্বপ্না দেৱবাৰ্মাই TIPRAত যোগদান কৰিছে । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি TIPRAৰ নতুন সদস্যা স্বপ্না দেৱবাৰ্মাই আইপিএফটিক 'পৰিয়ালকেন্দ্ৰিক দল' আখ্যা দিয়ে । জ্যেষ্ঠ নেত্ৰীগৰাকীয়ে কয় যে, IPFTৰ উদ্দেশ্য টিপ্ৰালেণ্ড যদিও তেওঁলোকৰ বাবে এয়া সম্ভৱ নহয় । প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ বিষয়ে তেওঁ কয় যে, তেওঁ দেৱবৰ্মনক আন্তৰিকতাৰে কাম কৰা আৰু বৃহত্তৰ টিপ্ৰালেণ্ডৰ বাবে মাত মাতি অহা দেখিছে ।

আনহাতে, প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে TIPRAৰ মহিলা ফেডাৰেচন গঠনৰ কথা ঘোষণা কৰে আৰু শীঘ্ৰেই টিপ্ৰা মহিলা ফেডাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ গঠন কৰা হ'ব বুলি মন্তব্য কৰে । তেওঁ ব্যক্তিগতভাৱে মহিলা শাখাটো নিৰীক্ষণ কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:ছিণ্ডিকেট আৰু দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল চৰকাৰ: বিপ্লৱ দেৱ

ABOUT THE AUTHOR

...view details