নেশ্যনেল ডেস্ক,২৮ জুলাই :বিগত প্ৰায় ৩ মাহ ধৰি মণিপুৰত হিংসাত্মক পৰিস্থিতি অব্যাহত আছে । চৰকাৰ তথা বিভিন্ন পক্ষৰ প্ৰচেষ্টাৰ পাছতো উন্নত হোৱা নাই পৰিস্থিতি । ইয়াৰ মাজতে মণিপুৰৰ বিষ্ণুপুৰ জিলাত পুনৰ উগ্ৰপন্থী আৰু সেনাৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হয় । উগ্ৰপন্থীৰ সৈতে হোৱা গুলীয়াগুলিত এজন সেনা জোৱানসহ দুজন সুৰক্ষা কৰ্মী আহত হোৱাৰ খবৰ পোৱা গৈছে ।
জানিব পৰা মতে বৃহস্পতিবাৰে পুৱা ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত থকা ফৌবাকচাও ইখাই অঞ্চলত গুলীচালনা আৰম্ভ হয় আৰু নিশালৈকে প্ৰায় ১৫ ঘণ্টা ধৰি এই গুলীচালনা অব্যাহত থাকে । অৱশ্যে সম্প্ৰতি উগ্ৰপন্থীসকল অঞ্চলটোৰ পৰা পলায়ন কৰিছে ।
গুলীবৰ্ষণৰ সময়ত তেৰা খোংচাংবিৰ এটা ঘৰত অগ্নিসংযোগ কৰা হয় । আহত মণিপুৰ আৰক্ষীৰ কমাণ্ডোজনক ৪০ বছৰীয়া নেমিৰাকপাম ইবোমচা বুলি চিনাক্ত কৰা হৈছে । এগৰাকী আৰক্ষী জোৱানে কোৱা মতে যে, মৰ্টাৰ বিস্ফোৰণত তেওঁৰ সোঁ ভৰি আৰু সোঁ কাণত স্প্লিণ্টাৰে আঘাত কৰে । সেনা জোৱানজন কুমাও ৰেজিমেণ্টৰ যদিও বাতৰি লিখা সময়লৈ তেওঁক চিনাক্ত কৰা হোৱা নাই ।