নেশ্যনেল ডেস্ক,১ এপ্ৰিল :মুকলি আকাশৰ তললৈ আহিব পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি নৱজ্যোৎ সিং সিদ্ধু (Navjot Singh Sidhu to released from Jail)। পাটিয়ালা আদালতৰ পৰা মুকলি কৰি দিয়া হ'ব সিদ্ধুক । পিছে মুক্তিৰ পূৰ্বেই সিদ্ধুৰ কৰ্তন কৰা হ'ল জেড প্লাছ নিৰাপত্তা । ৰাজ্য চৰকাৰে তেওঁৰ জেড প্লাছ নিৰাপত্তা ৱাই শ্ৰেণীলৈ হ্ৰাস কৰিছে । এতিয়াৰে পৰা ৱাই শ্ৰেণীৰ নিৰাপত্তা হে থাকিব নৱজ্যোৎ সিং সিদ্ধুৰ (Security of Sidhu reduced to Y category)। উল্লেখ্য যে সিদ্ধু ৩৪ বছৰ পুৰণি ৰড্ৰিগেজ গোচৰৰ অভিযুক্ত ।
ইফালে কিছুদিন পূৰ্বে নৱজ্যোৎ সিং সিদ্ধুৰ পত্নী নৱজ্যোৎ কৌৰে ডেৰাবাচীত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং আৰু মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তেওঁ কয় যে স্বামীক কোনো অপৰাধ অবিহনে শাস্তি প্ৰদান কৰা হৈছে । সিদ্ধুৰ পত্নী কৌৰে অভিযোগ কৰা মতে তেওঁৰ স্বামীক বন্দী কৰাৰ গোটেই ঘটনাটো ৰাজনৈতিক ষড়যন্ত্ৰ (Sidhu wife reacts over husband arrests)।
মুখ্যমন্ত্ৰী মানৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে সিদ্ধুৰ নিৰ্দোষিতা প্ৰমাণ কৰা পেন ড্ৰাইভটো তেওঁক দিয়া হৈছিল, কিন্তু মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোনো পদক্ষেপ লোৱা হোৱা নাছিল । উল্লেখ্য যে নৱজ্যোৎ সিং সিদ্ধুৰ পত্নী কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে ।