কৰ্ণাটকৰ হুবলীত প্ৰধানমন্ত্ৰী ৰোড শ্ব’ত বিসংগতি নেশ্যনেল ডেস্ক, 12 জানুৱাৰী :বৃহস্পতিবাৰে কৰ্ণাটকৰ হুবলীত আয়োজিত 26 সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত (26th National Youth Festival in Karnataka) অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই যুৱ মহোৎসৱতে দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে এক ৰোড শ্ব’তো অংশগ্ৰহণ কৰে (PM Narendra Modis road show) ৷ এই ৰোড শ্ব’তেই ৰাইজে প্ৰধানমন্ত্ৰীগৰাকীক অভিবাদনো জ্ঞাপন কৰে ৷ ইয়াৰ মাজতে পোহৰলৈ আহিছে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাজনিত এক ঘটনা (PM Modi Security Breach)৷
প্ৰধানমন্ত্ৰী মোডীৰ ৰোড শ্ব’ৰ সময়ত হঠাতে এজন যুৱক তেওঁৰ ফালে দৌৰি আহে ৷ আনকি প্ৰধানমন্ত্ৰীগৰাকীৰ বহু ওচৰ পায়গৈ যুৱকজন । যুৱকজনে প্ৰধানমন্ত্ৰীলৈ এডাল ফুলৰ মালা আনিছিল ৷ যিডাল মালা প্ৰধানমন্ত্ৰীগৰাকীক হয়তো যুৱকজনে নিজে পিন্ধাব বিচাৰিছিল ৷
সেয়ে একো নভবা-নিচিন্তাকৈ মোডীৰ কাষ পায়গৈ ৷ ইয়াৰ পিচতে যুৱকজনক নিৰাপত্তাৰক্ষীয়ে টানি আঁতৰলৈ লৈ যায় (Security lapse during PM Narendra Modis road show)৷ অৱশ্যে বাতৰি লিখা পৰলৈকে যুৱকজনৰ নাম জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক :Voice of Global South Summit 2023 : ভইচ অৱ গ্লোবেল চাউথ ছামিটত উদ্বোধনী ভাষণ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব’ :
ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধনৰ ঠিক পূৰ্বেই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰোড শ্ব’ত অংশগ্ৰহণ কৰে ৷ আনকি পথৰ দুয়োকাষে শাৰী পাতি থকা প্ৰধানমন্ত্ৰীৰ অনুৰাগীসকলে তেওঁক উষ্ম আদৰণি জনায় । নিজৰ চলন্ত গাড়ীৰ ‘‘ৰনিং ব’ৰ্ড’’ত থিয় হৈ প্ৰধানমন্ত্ৰী মোডীয়েও হাত জোকাৰি ৰাইজক অভিবাদন জনায় ৷
আনকি এই ৰোড শ্ব’ৰ সময়তে বহু লোকে ‘‘মোডী, মোডী’’ আৰু ‘‘ভাৰত মাতা কি জয়’’ আদি শ্ল’গান দিয়া দেখা যায় । ইফালে প্ৰধানমন্ত্ৰীগৰাকীৰ কাষলৈ অহা যুৱকজনৰ প্ৰসংগত হুবলীৰ আৰক্ষী আয়ুক্ত কয়, ‘‘প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিৰাপত্তা ভংগ হোৱা নাই । আনকি প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত কোনো ত্ৰুটিও ৰখা নাই’’ ।
উল্লেখ্য যে, 12 জানুৱাৰীৰ পৰা 16 জানুৱাৰীলৈ হুবলীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ ৷ এই মহোৎসৱৰ বিষয়বস্তু হৈছে ‘‘উন্নত যুৱ, উন্নত ভাৰত’’ । উল্লেখ্য যে, 2023 চনত কৰ্ণাটক বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত বিজেপিকে ধৰি আন ৰাজনৈতিক দলসমূহে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক :Pakistan Economic Crisis: ব্যাপক দুৰ্ভিক্ষৰ দিশে পাকিস্তান