নেচনেল ডেস্ক, 18 ফেব্ৰুৱাৰী:বাজেট অধিৱেশনক লৈ উত্তৰ প্ৰদেশত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা বাজেট অধিৱেশনৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশ বিধানসভাৰ বাহিৰত নিৰাপত্তা ব্যৱস্থাক কটকটীয়া কৰি ৰখাক লৈ যথেষ্ট ব্যস্ততা পৰিলক্ষিত হৈছে ৷ জানিব পৰা মতে 18 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই বাজেট অধিৱেশন আগন্তুক 10 মাৰ্চলৈ অব্যাহত থাকিব ৷
বিধানসভাৰ বাহিৰত বৃহস্পতিবাৰে সমাজবাদী দলৰ কৰ্মী সকলে ৰাজ্যিক চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচীও হাতত লোৱা দেখিবলৈ পোৱা যায় ৷ মূলতঃ কেন্দ্ৰত বিজেপি চৰকাৰে গৃহিত কৰা তিনি নতুন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ উদ্দেশ্যে সমাজবাদী দলৰ কৰ্মী সকলে শস্য ভৰ্তি টেক্টৰত উঠি বিধান সভাৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে ৷