নেশ্যনেল ডেস্ক , 12 নৱেম্বৰ :ছত্তীশগড়ৰ ৰাজনন্দগাঁৱৰ বুধনচাপাৰ জংঘলত ছত্তীশগড় আৰক্ষীৰ সৈতে 38তম বেটেলিয়ন ভাৰত-তিব্বত সীমান্ত আৰক্ষী (Indo-Tibetan Border Police)য়ে এক যুটীয়া তালাচী অভিযান চলায় ৷ অভিযানকালত দলটোৱে এক বুজন পৰিমাণৰ আগ্নেয়াস্ত্ৰ, আই ই ডি (IED) আৰু মাওবাদী সংগঠনৰ সৈতে জড়িত বিভিন্নধৰণৰ নথি-পত্ৰ উদ্ধাৰ কৰে ।
এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই অভিযান চলোৱা হৈছিল বুলি ইণ্ডো-তিব্বত সীমান্ত আৰক্ষী (ITBP)য়ে জানিবলৈ দিয়ে । এই সমগ্ৰ অভিযানত ITBPৰ খণ্ড মুখ্য কাৰ্যালয় আৰু সেনাৰ 'বৰ্তালাভ কোম্পানী অপাৰেটিং বেছ'ত নিয়োজিত সৈন্যসকলে যুটীয়াভাৱে তালাচী চলায় । এই অভিযানত নক্সাল ডাম্পৰ পৰা ৩.১৫ বোৰ বন্দুক আৰু নক্সালবাদী সদস্যসকলে ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰী, এটা নীলা প্লাষ্টিকৰ ড্ৰামত নক্সালবাদীসকলে লুকুৱাই থোৱা বিভিন্ন অস্ত্ৰ-শস্ত্ৰ, ঔষধ ইত্যাদি উদ্ধাৰ কৰা হৈছে ৷
ছত্তীশগড় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বৰতালৱা আব্দুল সমীৰৰ নেতৃত্বত এক যুটীয়া আৰক্ষী বাহিনী, সহকাৰী যুঁজাৰু অজয় সিং ITBP বৰতালৱাছে উক্ত অনুসন্ধান অভিযানৰ নেতৃত্ব দিয়ে ৷